Breaking News

দাবী পূৰণ নহ'লে শীঘ্ৰেই আন্দোলনত নামিব সদৌ অসম কৰ্মচাৰী পৰিষদ



ডিজিটেল সংবাদ, মেৰাপানীঃ 
দাবী পূৰণ নহ'লে শীঘ্ৰেই আন্দোলনত নামিব সদৌ অসম কৰ্মচাৰী পৰিষদ। মেৰাপানীত গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ ৩৭ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনত অসম চৰকাৰক হুংকাৰ কৰ্মচাৰী পৰিষদৰ।  মেৰাপানীত সদৌ অসম কৰ্মচাৰী পৰিষদ গোলাঘাট জিলা সমিতিৰ ৩৭ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন অনুষ্ঠিত। অধিৱেশনত কৰ্মচাৰী সকলে চিকিৎসা বীমা, পেঞ্চন আঁচনি, ভাত্তা বৃদ্ধিকে আদি কৰি বিভিন্ন সমস্যাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰে মিলিত হৈ দাখিল কৰা দাবী সমূহ শীঘ্ৰেই পূৰণ কৰাৰ দাবী তোলে। কৰ্মচাৰী সকলক অসম চৰকাৰে বিভিন্ন সা-সুবিধা প্ৰদানৰ ক্ষেত্ৰত গা এৰা দিয়া বুলি অভিযোগ কৰি তেওঁলোকৰ প্ৰাপ্য অধিকাৰ শীঘ্ৰেই প্ৰদান নকৰিলে আন্দোলনত নমাৰো হুংকাৰ দিয়ে। অধিৱেশনৰ লগতে অনুষ্ঠিত প্ৰতিনিধি সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি প্ৰদীপ ৰাজখোৱা। আনহাতে সভাখন  উদ্বোধন কৰে কেন্দ্ৰীয়  সমিতিৰ উপদেষ্টা দিলিপ কোঁৱৰে। সভাত সদৌ অসম  কৰ্মছাৰী পৰিষদৰ  উপদেষ্টা নৃপেন ভূঞাঁ আৰু কেন্দ্ৰীয় কাৰ্য‍্যনিৰ্বাহক সদস‍্য ক্ৰমে জীৱন বৰা, মদন গগৈ আদি উপস্থিত থাকে।

No comments