Breaking News

নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰিলে ৰাজ্য চৰকাৰে! কি এই প্ৰতিশ্ৰুতি


ডিজিটেল ডেস্ক:
  ৰাজ্য চৰকাৰৰ এইবাৰ আন এক হঠকাৰী সিদ্ধান্ত । এইবাৰ পুঁজি পতিৰ হাতত  গতাবলৈ লৈছে  কাছাৰ কাগজ কলৰ ভূ-সম্পতি।  প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছতো বৰ্তমানলৈকে নগাঁও -কাছাৰ কাগজ কলৰ কৰ্মচাৰীক আদায় দিয়া নাই পৰ্যাপ্ত মজুৰি। ৭৬মাহৰ ভিতৰত মজুৰি কৰ্মচাৰীসকলে লাভ কৰিছে মাত্ৰ ২৫ মাহৰ মজুৰি। উল্লেখ্য যে এক সূত্ৰই দাবী কৰা অনুসৰি ৩০বছৰলৈ ব্যক্তিগত খণ্ডৰ হাতলৈ যাব কাছাৰৰ কাগজ কল । ইফালে নগাঁওৰ কাগজ কলৰ সকলো যন্ত্ৰ‌পাতি বিক্ৰি কৰিব ৰাজ্য চৰকাৰে । গুৰুত্বপূৰ্ণ কথাটো হ’ল যে বিজেপি দলে চৰকাৰ আহিলে দুয়োটা কাগজ কলৰ পুননিৰ্মাণ প্ৰতিশ্ৰুতি  দিছিল যদিও কিন্তু শাসন ভাৰ গ্ৰহণ কৰা পাছতে এই বিষয়ত কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে বিজেপি নেতৃত্বাধীন চৰকাৰখনে। কাগজ কল দুটা বন্ধ হৈ পৰাৰ পাছত  দৰমহাৰ পৰা বঞ্চিত হোৱা  ১১২জনকৈ কৰ্মচাৰীয়ে  অৰ্থ সংকটৰ বাবে চিকিৎসাৰ পৰা বঞ্চিত হৈ ‌‌মৃত্যুক সাৱটি ল’ব লগা হল ।ইয়াক লৈ পতিক্ৰিয়া সৃষ্টি হোৱাৰ পিছতে ৩৭৫ কোটি টকা দি কাগজ কল দুটা ক্ৰয় কৰে অসম চৰকাৰে ।চৰকাৰেখনে কাগজ কল দুটা পুননিৰ্মাণ কৰাৰ লগতে ৰ্কমচাৰী সকলক  দৰমহা আদায় দিয়া কথাও ঘোষণা কৰিছিল । কাগজ কল দুটাৰ  নামত থকা ভূমিৰ পৰিমাণ ৫ হেজাৰ বিঘা ইয়াৰে ১৮০০ নগাঁও কাগজ কলৰ আৰু ৩২০০ বিঘা কাছাৰৰ নামত ৰাজহুৱা প্ৰতিষ্ঠান দুটাৰ নামত আছে কোটি টকাৰ মূল্যৰ যন্ত্ৰ পাতি ।অসম চৰকাৰে  কাগজ কল দুটা হিন্দুস্থান কাগজ নিগম লিমিটেডৰ  পৰা ক্ৰয় কৰি কাছাৰৰ কাগজ কলটো ব্যক্তিগত খণ্ডক দিয়া আৰু নগাঁও কাগজ কলৰ নামত থকা ভূমি চৰকাৰে  নিজৰ লগত ৰাখি সকলো যন্ত্ৰ‌পাতি  বিক্ৰিৰ বাবে সাজু হৈছে  হিমন্ত  বিশ্ব ৰ্শমা চৰকাৰে । উল্লেখ্য যে ৰ্নিবাচনৰ আগত  দিয়া প্ৰতিশ্ৰুতি  অনুসৰি কাগজ কল দুটা পুননিৰ্মাণ নকৰাই নহয় ৰ্কমচাৰী সকলৰ ভৱিষ্যনিধিৰ নামত পাব লগা ২৬০ কোটি টকা মুকলি কৰি দিয়া নাই চৰকাৰৰ এনে কায্যই ৰ্কমচাৰী সকলৰ  মাজত  তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে

No comments