Breaking News

গোলাঘাটৰ মৰঙিত পুষ্পবিলাস বৈকুণ্ঠ ক্ষেত্ৰ নিৰ্মাণৰ বাবে মহিলাৰ দ্বাৰা পথাৰত নৰা কটা পৰ্ব ৷


ডিজিটেল সংবাদ,নুমলীগড়: 
গোলাঘাটৰ ইতিহাস প্ৰসিদ্ধ মৰঙি মৌজাৰ কেন্দ্ৰস্থল মৰঙি চাৰিআলিৰ পানীকৰা গাওঁ বৰদলৈপাৰা বিশাল পথাৰত আয়োজিত সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ ৷  অহা২০২৩ বৰ্ষৰ ২৬ জানুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হব ভাওনা প্ৰতিযোগিতা ৷ ইতিমধ্যে ৰাজ্যৰ ভিন্ন জিলাৰ ২৫ টা দলে অংশ গ্ৰহণ কৰি পাণ্ডুলিপি সহ যোগদান মাচুল জমা কৰিছে ৷ ইতিমধ্যে প্ৰেক্ষাগৃহৰ লাইখুঁটা শুভাৰম্ভ হৈছে ৷ পূৰ্ণগতিত চলিছে প্ৰতিযোগিতা আয়োজনৰ প্ৰস্তুতি ৷ ইয়াৰে অংশস্বৰূপে মৰঙিৰ ভিন্ন প্ৰান্তৰৰ মহিলা সকল একত্ৰিত হৈ পুষ্পবিলাস বৈকুণ্ঠ ক্ষেত্ৰ নিৰ্মাণৰ বাবে নৰাকটা পৰ্ব অনুষ্ঠিত কৰে ৷ আয়োজক সমিতিয়ে ৰাইজৰ সহযোগিতা কামনা কৰিছে ৷

No comments