Breaking News

জ্যেষ্ঠ অধিবক্তা তথা অসমৰ প্ৰথম মহিলা ন্যায়িক দণ্ডাধীশ কুন্তলা ডেকাই আম্বানিলৈ প্ৰেৰণ কৰে এখন মুকলি চিঠি –

                                                                             


ডিজিটেল ডেস্কঃ আম্বানীৰ প্ৰীতিত মগ্ন ৰাজ্য চৰকাৰ। আম্বানীক সন্তুষ্ট কৰিবলৈকে অসমৰ জনসাধাৰণৰ তীব্ৰ প্ৰতিবাদকো নেওচি অসম ৰাজ্যিক চিৰিয়াখানা পৰা এটাৰ পাছত আন এটা বন্যপ্ৰাণী আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি সৰবৰাহ কৰিছে  দেশৰ ধনাঢ্য উদ্যোগপতি আম্বানীৰ চিৰিয়াখানালৈ। এই সমগ্ৰ ঘটনা সংঘটিত হৈছে চিৰিয়াখানাৰ দ্বায়িত্বত থকা জিলা বন বিষয়া অশ্বিনী কুমাৰৰ নেতৃত্বত। অশ্বিনী কুমাৰৰ নেতৃত্বতেই আম্বানিৰ ৰিলায়েঞ্চৰ ব্যক্তিগত চিৰিয়াখানালৈ লৈ যোৱা হ'ল এন্ধাৰৰ সুযোগ লৈ । এই সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা তথা অসমৰ প্ৰথম মহিলা ন্যায়িক দণ্ডাধীশ কুন্তলা ডেকাই আম্বানিলৈ প্ৰেৰণ কৰিছিল এখনি মুকলি চিঠি –

              প্রথমে মই আপোনাক মোৰ শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি মোক চিনি নাপায় আৰু মোক চিনি পোৱাৰ কোনো প্রয়োজনো নাই। মই অসমৰ এগৰাকী ৭০ৰ উৰ্দ্ধৰ বয়োজ্যেষ্ঠা মহিলা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা। বর্তমান বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি হিচাপে বিশ্বৰ অগণন জনগণৰ সৈতে আপুনি মোৰ ওচৰত অতি পৰিচিত আৰু ভাৰতৰ নাগৰিক হিচাপে আমি গৌৰৱাম্বিত।কিন্তু আজি কিছুদিনৰ পৰা আমাৰ অসমৰ কিছুমান অনাকাংক্ষিত ঘটনাৰ লগত আপোনাৰ নামটো জড়িত হৈ পৰাত মইঅ আপোনালৈ এই চিঠিখন লিখিবলৈ প্রয়োজনবোধ কৰিলোঁ।

আমাৰ অসমৰ ৰাজধানী চহৰ গুৱাহাটীত থকা একমাত্ৰ ৰাজ্যিক চিৰিয়াখানাত সংৰক্ষিত কৰি ৰখা বহুতো দুষ্প্রাপ্য জীৱ-জন্তুক আপোনাৰ ব্যক্তিগত চিৰিয়াখানালৈ বে-আইনীভাৱে লৈ যোৱা হৈছে বুলি অসমৰ জনগণে মর্মান্তিক দুঃখ পাই প্রতিবাদ সাব্যস্ত কৰি এই কাম অতি নিন্দনীয় বুলি প্ৰকাশ কৰিছে। তদুপৰি এই জীৱ- জন্তুবিলাকৰ কিছুমানৰ মৃত্যু হোৱা বুলিও বাতৰি কাকতত কিন্তু আজি কিছুদিনৰ পৰা আমাৰ অসমৰ কিছুমান অনাকাংক্ষিত ঘটনাৰ লগত আপোনাৰ নামটো জড়িত হৈ পৰাত মইঅ আপোনালৈ এই চিঠিখন লিখিবলৈ প্রয়োজনবোধ কৰিলোঁ।

আমাৰ অসমৰ ৰাজধানী চহৰ গুৱাহাটীত থকা একমাত্ৰ ৰাজ্যিক চিৰিয়াখানাত সংৰক্ষিত কৰি ৰখা বহুতো দুষ্প্রাপ্য জীৱ-জন্তুক আপোনাৰ ব্যক্তিগত চিৰিয়াখানালৈ বে-আইনীভাৱে লৈ যোৱা হৈছে বুলি অসমৰ জনগণে মর্মান্তিক দুঃখ পাই প্রতিবাদ সাব্যস্ত কৰি এই কাম অতি নিন্দনীয় বুলি প্ৰকাশ কৰিছে। তদুপৰি এই জীৱ- জন্তুবিলাকৰ কিছুমানৰ মৃত্যু হোৱা বুলিও বাতৰি কাকতত প্ৰকাশ পাইছে।

অতি দুখৰ বিষয় যে, চৰকাৰী পৃষ্ঠপোষকতাত চৰকাৰী বিষয়াৰ হতুৱাই মাজৰাতি জীৱ-জন্তুবোৰক অসমৰ জনসাধাৰণক অজ্ঞাতে ৰাখি চালান দিবলৈ ওলোৱাটো অতি দূর্ভাগ্যজনক। কিন্তু অসমৰ জনগণৰ বন্যপ্ৰাণীৰ প্ৰতি থকা মৰমৰ বাবে অসমৰ জনগণৰ হৈ অসমৰ চিৰিয়াখানা সুৰক্ষাহৈছিলো মহিলাৰ স্খলন দেখি। মই অসমৰ প্ৰথম মহিলা ন্যায়িক দণ্ডাধীশ হৈ ১৯৭১ চনৰ জানুৱাৰীত চাকৰিত যোগদান কৰিছিলো। কিন্তু প্ৰায় চাৰে চাৰি বছৰ চাকৰি কৰি মোক গুৱাহাটীৰ পৰা ৭৫ মাইল দূৰৰ নগাওঁলৈ বদলি কৰা সুযোগতে চাকৰি ইস্তাফা দিছিলো কাৰণ সেই সময়ত ন্যায়িক দণ্ডাধীশৰ মাহিলি দৰমহা আজিৰ তুলনাত বহুত কম আছিল আৰু কোৱাৰ্টাৰ আদি আনবোৰ সুবিধাও আজিৰ দৰে নাছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশে মোক সেই চাকৰি নিজেই মাতি নি দিছিলে, আৰু মইও সেই চাকৰি অত্যন্ত নিষ্ঠা আৰু সততাৰে কঠোৰ পৰিশ্ৰম কৰাৰ কাৰণে মোৰ ইস্তফা কোনোপধ্যেই গুৱাহাটী উচ্চ ন্যায়ালয়ে মানি লোৱা নাছিল; আৰু মোক সোনকালে মান দিব বুলি কৈ চাকৰিৰ ইস্তাফা পত্ৰখন উঠাই ল'বলৈ কৈছিলে। মোৰ সম্বন্ধীয় আৰু মোৰ শুভাকাঙ্খী ব্যক্তিসকলেও মোক চাকৰি ইস্তফা দিবলৈ মানা কৰিছিল। কিন্তু মই এটা কথা বুজিছিলো যে এটা বদলি সংক্রান্তত চাকৰিত মইক বদলি হৈ অসমৰ যিকোনো ঠাইলৈ যাবই লাগিব গতিকে মোৰ কাৰণে সেই দৰমহাত চাকৰিকৰণত বহুত বাধা আহিব, গতিকে মইি চাকৰি ইফা ঘূৰাই নল'লো আৰু শেষত উচ্চ ন্যায়ালয়ে মোৰ ইফা মানি ল'লে আৰু চৰকাৰলৈ প্ৰেৰণ কৰিলে।

আপোনাৰ স্থানত থকা ব্যক্তি এজনে এনেকুৱা দুষ্কাৰ্য্য আৰু গর্হিত কামৰ লগত জড়িত থাকিব পাৰে বুলি মই নিজেও বিশ্বাস কৰিবলৈ টান পাইছো। সেয়েহে এই বিষয়ে আমি আপোনাৰ পৰা সঁচা কথাটো অতি সোনকালে জানিবৰ কাৰণে আশাৰে বাট চাই ৰ'লোঁ।

শ্ৰদ্ধা আৰু শুভ ইচ্ছাৰে - ( কুন্তলা ডেকা) চানমাৰি, গুৱাহাটী - ৭৮১০০৩ ফোন : ৯৮৩৫০-৪৭৩৮১

No comments