Breaking News

দুৰ্ঘটনাত পতিত হৈ ১৬ জনকৈ ভাৰতীয় সেনা বিষয়া-জোৱানৰ মৃত্যু ।


ডিজিটেল ডেস্ক: 
উত্তৰ ছিকিমত ভাৰত চীন সীমান্তৰ সেনাৰ বাহন বাগৰি পৰিল শ শ ফুট দ -খাৱৈত ১৬ জন সেনা বিষয়া -জোৱান নিহত হয় ।আহত চাৰিজন জোৱানক উত্তৰ বাংগস্হিত সামৰিক চিকিৎসালয়লৈ  প্ৰেৰন কৰে ।জানিব পৰা মতে শুক্ৰবাৰে পুৱা প্ৰায় ৮ মান বজাত  তিনিখন বাহনৰ এটা কনভয় চাট্ৰেনৰ পৰা থাংগুৰ ফালে  গৈ  আছিল জেমা থ্ৰী নামৰ দুৰ্গম ঠাইত কনভয়টোৰ এখন বাহন টাৰ্ণিং লওঁতে পথৰ পৰা শ শ ফুট তললৈ বাগৰি পৰে সেনাসহ বাহন খন ।১৬ জন সেনাৰ মৃতদেহ উদ্ধাৰ কৰা হয়। দুৰ্ঘটনাত তিনিজন জে.চি.অকে ধৰি ১৬জনকৈ সেনাৰ মৃত্যু হোৱাৰ বাবে ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্ম ,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গভীৰ শোক প্ৰকাশ কৰে।

No comments