Breaking News

দেৰগাঁৱত ই ৰিক্সাৰ সমস্যাক লৈ মিনি মালবাহী মটৰ মালিক সন্থাৰ প্ৰতিবাদ

 


ডিজিটেল সংবাদ, দেৰগাঁও: 
দেৰগাঁও মিনি মালবাহী মটৰ মালিক সন্থাৰ উদ্যোগত আজি দেৰগাঁও চাৰিআলি সমীপত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। দেৰগাঁও নগৰৰ মিনি মালবাহী মটৰ মালিক সন্থাই তেওঁলোকে আজি কিছুদিন ধৰি সন্মুখীন হোৱা সমস্যাৰ সমাধান বিচাৰি জিলা উপায়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিও কোনো সুফল নোপোৱাত এই কাৰ্যসূচী গ্ৰহণ কৰে ।সন্থাৰ অভিযোগ অনুসৰি দেৰগাঁও নগৰত চলিথকা অত্যাধিক ই ৰিক্সাই যানজঁটৰ সৃষ্টি কৰাৰ সমান্তৰালভাৱে যাত্ৰী কঢ়িওৱাৰ পৰিবৰ্তে মালবস্তু কঢ়িয়াই মিনি মালবাহী মটৰ মালিক সকলৰ লগতে ঠেলা চালক সকলকো বহুত সমস্যাৰ সন্মুখীন কৰাইছে।মালবস্তু কঢ়িয়াই পৰিয়াল পোহপাল দিয়া মিনি মালবাহী মটৰৰ গৰাকীসকলে চৰকাৰক বছৰী ৩০/৪০হেজাৰ টকা পৰ্যন্ত কৰ পৰিশোধ কৰিব লাগে।কিন্তু ই ৰিস্কা সমূহে মালবস্তু কঢ়িয়াবলৈ লোৱাত মিনি মালবাহী গাড়ীসমূহৰ উপাৰ্জন নাইকীয়া হৈছে।এইয়ে হলে কৰ পৰিশোধ সম্ভৱ নহব বুলি উল্লেখ কৰি সন্থাই জিলা উপায়ুক্ত, জিলা পৰিবহণ বিষয়া,দেৰগাঁৱৰ চক্ৰ বিষয়া,আৰক্ষী বিষয়া আদিক ব্যবস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

No comments