Breaking News

মেৰাপানীত ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে শিক্ষা বিভাগৰ অভিযন্ত্ৰাৰ লগতে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰে।

 


ডিজিটেল সংবাদ, মেৰাপানী: নিৰ্মাণৰত অৱস্থাতেই পকী ভৱনৰ দেৱাল ফাঁট মেলিল প্ৰায় ৬০ লাখ টকীয়া বিদ্যালয়ৰ ভৱনৰ। কাম সম্পুৰ্ণ নকৰাকৈয়ে গৃহটিত চূণ তেল হানি বিল আদায়ৰ চেষ্ঠা ধূৰন্ধৰ ঠিকাদাৰৰ। . ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ পুঁজিৰে প্ৰায় ৬০ লাখৰো অধিক টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা এইখন গোলাঘাট পূব শিক্ষা খণ্ডৰ অন্তৰ্গত মেৰাপানীৰ ৰতনপুৰৰ সীমান্ত উচ্চ মাধ্যমিক বিদ্যালয়।  বৰ্তমানে চৰকাৰী আঁচনিৰ অধীনত দেৰগাঁৱৰ পাৰ্থপ্ৰতীম ফুকন নামৰ ঠিকাদাৰ জনে বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ শ্ৰেণী কোঠা, বিজ্ঞানাগাৰ আৰু পুথিভঁৰাল নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে।কিন্তু দীৰ্ঘদিন ধৰি ভৱনটি নিৰ্মাণৰ ক্ষেত্ৰত বিসংগতি হোৱা বুলি পৰিচালনা সমিতিৰ লগতে অভিভাৱকৰ লগতে অভিযোগ কৰাৰ পাছতো দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰজনে নিজ খেয়ালখুচি মতেই ভৱন নিৰ্মাণৰ কাম অব্যাহত ৰাখি কাম সম্পুৰ্ণ নকৰাকৈ পকী দেৱালত ৰং হানি বিল আদায়ৰ চৰম কৌশল অৱলম্বন কৰিছে। নৱনিৰ্মিত ভৱনটোৰ চাদত পানী বিৰিঙি যোৱাৰ লগতে য'তে ত'তে দেৱালত ফাঁট মেলা, প্লাচ্‌টাৰ নকৰাকৈ ৰং হনা, খট্‌খটি ভাঙি যোৱা, ঠায়ে ঠায়ে চুই দিলেই ৱাল এৰাই যোৱাকে আদি কৰি বিভিন্ন অভিযোগ উত্থাপিত হোৱাৰ লগতে ছাত্ৰ ছাত্ৰীৰ সুৰক্ষাৰ প্ৰতিও ভাবুকি নামি আহিছে।ইফালে ভৱনটোত গোলাঘাটৰ  অজিত গগৈ নামৰ এজন ব্যৱসায়ীয়ে অতি নিম্নমানৰ সামগ্ৰী যোগান ধৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। আনহাতে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ পুঁজিৰে নিৰ্মিত ভৱনটোৰ চোৱাচিতাৰ দায়িত্বত থকা গোলাঘাটৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যনলয়ৰ অভিযন্ত্ৰা  কলিতা নামৰ লোকজনেও ভৱন নিৰ্মাণৰ কাম নিয়মিতভাৱে তদাৰক নকৰি ৰহস্যজনকভাৱে ঠিকাদাৰজনক বিল আদায় কৰাত সহযোগিতা আগবঢ়োৱাত বিভাগীয় অভিযন্ত্ৰা গৰাকীলৈও সন্দেহৰ আঙুলি উঠিছে। ভৱনটি নিৰ্মাণৰ ক্ষেত্ৰত ৰাইজৰ অভিযোগৰ পাছতো বিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু পৰিচালনা সমিতিয়ে ঠিকাদাৰ ফুকনক বাৰম্বাৰ গৃহটিৰ নক্সা, বাজেট বিচৰাৰ পাছতো আজি পৰ্যন্ত কোনো বাজেট দিয়াটো বাদেই কাম পৰিদৰ্শন কৰিবলৈ নাহিল। ইমানৰ পাছতো কোনো অভিযোগলৈ ভ্ৰুক্ষেপ নকৰা দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰজনক বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া হ'ব লক্ষণীয় । 


No comments