Breaking News

অহা বছৰৰ ডিচেম্বৰৰ মাজভাগতে দেশৰ প্ৰথমটো পানীৰ তলৰ মেট্ৰ' ৰে'ল প্রকল্প কাৰ্য্যক্ৰম হ'ব।


ডিজিটেল ডেস্ক:
এই কথা শুক্ৰবাৰে কলকাতা মেট্ৰ' ৰে'ল কৰ্প'ৰেচনে প্রকাশ কৰিছে। নিগমৰ এজন জেনেৰেল মেনেজাৰ শৈলেশ কুমাৰৰে শুক্ৰবাৰে প্ৰকাশ কৰামতে পশ্চিমবংগৰ হুগলী নদীৰ তলেৰে নিৰ্মাণ কাৰ্য্য চলি থকা ‘ইষ্ট-ৱেষ্ট মেট্ৰ' কৰিডৰ প্ৰজেক্ট'ৰ কাৰ্য্য  তীব্ৰগতিত  চলি আছে। এই মেট্র' প্রকল্পই হাওড়া আৰু কলকাতাৰ মাজত সংযোগ স্থাপন  কৰিব। বর্তমান জাৰ্মানীৰ পৰা অনা মেচিনেৰে হুগলীৰ তলেৰে সুৰংগ খান্দি থকা হৈছে।

No comments