Breaking News

বন্ধ হোৱাৰ দিশে আৰ্টফেড ।

 


ডিজিটেল ডেস্ক: ৰাজ্যখনৰ শিপিনীসকলক উৎসাহিত কৰাৰ অন্যতম প্রতিষ্ঠান হ'ল আর্টফেড যিকোনো মুহূৰ্তত তলা ওলমিব পাৰে অসম চৰকাৰৰ অধীনস্থ থলুৱা প্ৰতিষ্ঠানটোত ।ইতিমধ্যে বন্ধ হৈছে আৰ্টফেডৰ প্ৰতিটো উৎপাদন কেন্দ্ৰ। আজি তাৰিখত আৰ্টফেডৰ কোনো এটা উৎপাদন কেন্দ্রই বস্ত্ৰ সামগ্রী উৎপাদন কৰিব পৰা নাই।   জানিব পৰা মতে বিগত প্ৰায় ১০ মাহ ধৰি প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলৰ দৰমহাও বন্ধ হৈ পৰিছে। মাজতে দুবাৰমান দৰমহাৰ ধন চৰকাৰে আদায় দিছিল যদিও আজি পর্যন্ত ১০ মাহৰ দৰমহা আদায় দিবলৈ সক্ষম হোৱা নাই। চৰকাৰে যদিও আগন্তুক বাজেটত আৰ্টফেডৰ বাবে পুঁজি ধাৰ্য নকৰে, তেন্তে এই বছৰটোত প্ৰতিষ্ঠানটো সম্পূর্ণভাৱে বন্ধ হৈ পৰিব। খাদী ব'ৰ্ডৰ দৰে আৰ্টফেডে থলুৱাভাৱে বস্তু সামগ্রী উৎপাদন কৰি ৰাজ্যৰ লগতে ৰাজাৰ বাহিৰতো বিপণী মুকলি কৰি সামগ্ৰী বিক্ৰী কৰি আহিছিল। এটা সময়ত লাভজনক উদ্যোগত পৰিণত হৈছিল আর্টফেড। কিন্তু সময় অতিবাহিত হোৱাৰ লগে লগে চৰকাৰে পিঠি দিছে আৰ্টফেডলৈ। তাতে আকৌ হস্ততাঁত বস্ত্রশিল্প বিভাগৰ সঞ্চালক জনকে। অতিৰিক্ত ভাবে আর্ট ফেডৰ পৰিচালন সঞ্চালকৰ দায়িত্বত নিয়োজিত কৰি ৰখাত স্বাভাৱিকতে প্রতিষ্ঠানটো আৰু দুৰ্বল হৈ পৰিছে। প্ৰতিষ্ঠানটোৰ অধিকসংখ্যক কৰ্মচাৰীয়ে দাবী কৰা মতে পৰিচালন সঞ্চালকগৰাকী কাৰ্যালয়ত প্ৰায়েই অনুপস্থিত থাকে। যাৰ পৰিপ্ৰেক্ষিতত আৰ্টফেডৰ যিকোনো ফাইলত স্বাক্ষৰৰ বাবে পৰিচালন সঞ্চালকক বিচাৰি হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ কাৰ্যালয়লৈ যাব লগা হয়।   ষ্টেটফেড যেনেদৰে বন্ধ হৈছিল এতিয়া আৰ্টফেড যিকোনো মুহূৰ্তত বন্ধ হৈ পৰিব বুলি কৰ্মচাৰীসকল শংকিত হৈছে।প্ৰতিষ্ঠানটোৰ ১৪২ গৰাকী বিষয়া- কৰ্মচাৰীৰ ভবিষ্যৎ অন্ধকাৰ হৈ পৰিছে। 

No comments