Breaking News

এক লাখ নিযুক্তিৰ দিশত আৰু এটা খোজ ৮২৮ গৰাকী চাকৰি প্রার্থীক নিযুক্তি - পত্র প্রদান



ডিজিটেল ডেস্ক: এক লাখ যুৱক - যুৱতীক নিযুক্তিৰ প্রতিশ্রুতি পূৰণৰ দিশত আৰু এখোজআগুৱাই ৰাজ্য চৰকাৰে আজি নতুনকৈ ৮২৮ গৰাকী চাকৰি প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি - পত্ৰ প্ৰদান কৰে । গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হোৱা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড ° হিমন্ত বিশ্ব শৰ্মাৰ হৈ ৰাজ্যৰ স্বাস্থ্য পৰিয়াল কল্যাণ , চিকিৎসা শিক্ষা আৰু গবেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত আৰু ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই চাৰিটা বিভাগৰ অধীনৰ পদত এই নিযুক্তি - পত্ৰ বিতৰণ কৰে ।  নিযুক্তি - পত্র বিতৰণ অনুষ্ঠানৰ পূৰ্বে জ্ঞানপীঠ বঁটাৰে সন্মানিত কবি নীলমণি ফুকনৰ বিয়োগত গভীৰ শোক প্রাকাশ কৰি এক মিনিট সময় মৌন প্রার্থনাৰে কৰি সমালোচকগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।মুখ্যমন্ত্ৰী ড ° শৰ্মাই চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে নতুন দিল্লীত বাহৰ পাতিব লগা হোৱাৰ হেতু স্বাস্থ্য মন্ত্ৰী মহন্তৰ লগতে ভূমি সংৰক্ষণ বিভাগৰ মন্ত্রী ব্ৰহ্মই নৱনিযুক্ত প্ৰাৰ্থীসকলক মুখ্যমন্ত্ৰীৰ হৈ নিযুক্তি - পত্ৰ প্ৰদান কৰে ।  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৫৭৫ টা চিকিৎসক আৰু খাদ্য সুৰক্ষা বিষয়াৰ পদ , চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ ২৩৬ টা চিকিৎসকৰ পদ , ভূমি সংৰক্ষণ বিভাগৰ ১৩ টা সহকাৰী ভূমি সংৰক্ষণ বিষয়াৰ পদ আৰু জলসম্পদ বিভাগৰ ৪ টা শাখা সহায়কৰ পদত নির্বাচিত প্রার্থীক নিযুক্তি - পত্ৰ বিতৰণ কৰা হয় । আজি নিযুক্তি পত্ৰ বিতৰণ কৰা স্বাস্থ্য পৰিয়াল কল্যাণ তথা চিকিৎসা শিক্ষা - গৱেষণা বিভাগৰ মুঠ ৮১১ টা পদৰ ভিতৰৰে ৭৭৭ টা পদত নতুনকৈ চিকিৎসক নিযুক্ত হোৱাৰ লগতে অৱশিষ্ট ৩৪ টা পদ স্বাস্থ্য বিভাগৰ অধীনৰ খাদ্য সুৰক্ষা বিষয়াৰ পদ । মুখ্যমন্ত্ৰীয়ে দায়িত্ব দিয়াত আজিৰ নিযুক্তি - পত্ৰ বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰা স্বাস্থ্য মন্ত্ৰী মহন্তই নবনিযুক্ত প্রার্থীসকলক মুখ্যমন্ত্রী তথা ৰাজ্য চৰকাৰৰ হৈ অভিনন্দন আৰু শুভেচ্ছা জনায় । স্বাস্থ্য মন্ত্রীয়ে ভাষণত কয় , মুখ্যমন্ত্রী ড ° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তা , কুশল নেতৃত্ব আৰু নৱপ্ৰজন্মৰ প্রতিনিধিসকলৰ প্ৰতি থকা বিশেষ সহৃদয়তাৰ বাবেই অসম চৰকাৰে ১ লাখ পদত নিযুক্তিৰ মহত্ত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰি কাৰ্য ৰূপায়ণত ক্ষিপ্ৰতাৰে আগবাঢ়িছে ।এই চাৰিটা বিভাগত নতুনকৈ ৮২৮ টা পদত নিযুক্তি - পত্ৰ বিতৰণৰ লগে লগে মুখ্যমন্ত্ৰীৰ দ্বাৰা ঘোষিত এক লাখ পদত নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে মুঠ ৪০,৫০২ গৰাকী যুৱক - যুৱতীয়ে অসম চৰকাৰৰ অধীনত চাকৰিত নিযুক্তি লাভ কৰিলে । ইয়াৰ পূৰ্বে বিভিন্ন বিভাগৰ মুঠ ৩৯,৬৭৪ টা পদত চৰকাৰে নিযুক্তি প্ৰদান কৰিছে ।



No comments