Breaking News

টীয়কত পথ দুৰ্ঘটনাত এজন উদীয়মান কেৰম খেলুৱৈ মৃত্যু


ডিজিটেল সংবাদ, টীয়ক:
টীয়কত কালি নিশা এক পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হয়। জানিব পৰা মতে পীড়াকটা সৰুফৈদিয়া বাইলুং গাঁৱৰ  জ্ঞানদ্বীপ ফুকন  নিশা ১০.৩০ বজাত যোৰহাট দিশে নিজ গৃহলৈ আহি থাকোঁতে  ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ টীয়ক তেলিয়া গাঁৱৰ নাম ঘৰৰ ওচৰত এখন গাড়ী অতিক্ৰম কৰিবলৈ লওঁতে সন্মুখত এখন বিপৰীত দিশে অহা গাড়ীত খুন্দা মাৰি আহত হয়। গুৰুত্বভাৱে মূৰত আঘাত পোৱাত যুৱক জনক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নিয়ে যদিও যুৱক জনে শেষ নিশ্বাস ত্যাগ কৰে। মৃত যুৱক জন ৰেল বিভাগৰ অস্থায়ী কৰ্মচাৰী আছিল।যুৱক জনৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে । মৃত্যুৰ সময়ত যুৱক জনে পিতৃ,মাতৃ পত্নী সহ এটি কণমানি সন্তান এৰি থৈ যায়।

No comments