Breaking News

পবিতৰা কাণ্ডৰ ফাইল বৰ্তমান মুখ্য সচিবৰ টেবুলত।


ডিজিটেল ডেস্ক:
পবিতৰা কাণ্ডৰ প্ৰতিবেদন দিছপুৰৰ সূত্ৰৰ মতে, মুখ্য সচিবে প্ৰতিবেদনৰ সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অবগত কৰোৱাৰ কথা। হয়তো মুখ্যমন্ত্ৰীৰ প্ৰয়োজনীয় অনুমতিৰ পিছতে গ্ৰহণ কৰা হ'ব আই এ এছ বিষয়া দুজনৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা। এক বিভ্ৰান্তিকৰ প্ৰক্ৰিয়াৰ মাজেদি সম্পূর্ণ হয় পবিতৰা -কাণ্ডৰ তদন্ত। যোৱা দেওবাৰে ৰাজ্যৰ বন বিভাগৰ স্বয়ং আয়ুক্ত সচিব আকাশদ্বীপ আৰু মুখ্য নির্বাচন বিষয়া নীতিন খাড়েৰ বিৰুদ্ধে পবিতৰা অভয়াৰণ্যত বন্যপ্রাণী সুৰক্ষা আইন উলংঘাৰ যি অভিযোগ উত্থাপন হৈছিল সেই ঘটনাৰ তদন্তৰ দায়িত্ব ৰাজ্যৰ প্রধান মুখ্য বন সংৰক্ষক এন কে যাদৱে মৰিগাঁও জিলাৰ উপায়ুক্তৰ ওপৰত অৰ্পণ কৰে। উপায়ুক্ত দেৱাশিষ শর্মাই অভয়াৰণ্যখনত উপস্থিত হৈ প্ৰয়োজনীয় সাক্ষ্য-প্রমাণ, চি চি টিভিৰ ফুটেজ আদি সংগ্রহ কৰে।   উক্ত ঘটনা সংঘটিত হোৱাৰ সময়ত আকাশদ্বীপ আৰু নীতিন খড়েৰ সৈতে আইবি এডিজিপি সঞ্জীৱ আৰোৱাও আছিল । তেওঁ এই সমস্ত তদন্ত প্ৰক্ৰিয়াৰ পৰা সম্পূৰ্ণৰূপে বাহিৰত আছে। বন বিভাগৰ আয়ুক্ত সচিব আকাশদ্বীপ আৰু ৰাজ্যৰ মুখ্য নির্বাচন বিষয়া নীতিন খাড়ে যিহেতু পদমর্যাদাৰ ফালৰ পৰা উপায়ুক্ততকৈ যথেষ্ট জ্যেষ্ঠ সেয়ে উপায়ুক্ত দেবাশিষ শৰ্মাই তদন্তৰ পৰিৱৰ্তে সমগ্ৰ ঘটনাটোৰ ওপৰত এখন প্রতিবেদনহে প্রস্তুত কৰি মুখ্য সচিবক অৰ্পন কৰে। যাৰ ফলত অভিযুক্ত আমোলা দুজনৰ শাস্তিৰ আশা যথেষ্ট ক্ষীণ হৈ পৰিছে। অৱশ্যে বন্য প্রাণী সুৰক্ষা আইন উলংঘা কৰি পবিতৰা অভয়াৰণ্যৰ ভিতৰত দেওবাৰে তাণ্ডব চলোৱা দুই আই এ এছ বিষয়া ক্রমে আকাশদ্বীপ আৰু নীতিন খাড়েক ইতিপূর্বে মধ্য সচিবৰ ওচৰত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছিল। এই কঠোৰ নিৰ্দেশৰ পিছতে দুয়োজন আমোলাই পৃথকে মুখ্য সচিবক সাক্ষাৎ কৰে। পবিতৰা অভয়াৰণ্যৰ অভ্যন্তৰত তেওঁলোকে সংঘটিত কৰা কাৰ্য সন্দৰ্ভত মুখ্য সচিবে আমোলাদ্বয়ক জবাবদিহি কৰে। দুয়োজন আমোলাই আত্মপক্ষ সমৰ্থন কৰিবলৈ যথেষ্ট চেষ্টা কৰে যদিও ক্ষুব্ধ মুখ্য সচিব পবন কুমাৰ বঠাকুৰে তেওঁলোকক নির্দিষ্ট সময়ৰ ভিতৰত লিখিতভাৱে নিজ স্পষ্টীকৰণ জমা দিবলৈ নির্দেশ দিয়ে। স্বয়ং বন বিভাগৰে আয়ুক্ত সচিবজনে সদলবলে বন আইন উলংঘা কৰা কাৰ্যত ক্ষোভিত হৈ পৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে দুয়োজন আমোলাক মুখ্য সচিবে জৰুৰী তলব কৰি তেওঁলোকৰ স্পষ্টীকৰণ বিচাৰে । সুৰাপানৰ অনুমতি নথকা মাইবং ৰিজটত আমোলাৰ দলটোৱে কিদৰে সুৰাপান কৰিলে সেই বিষয়েও জিলা উপায়ুক্তই সবিশেষ তথ্য সংগ্রহ কৰে। পবিতৰা অভয়াৰণ্যত এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি কৰা দলটোৰ নেতৃত্বত থকা আকাশদ্বীপ স্বয়ং বন বিভাগৰ আয়ুক্ত সচিব পদত থকাৰ বিপৰীতে নীতিন খাড়েই ৰাজ্যৰ মুখ্য নির্বাচন বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। আইপিএছ বিষয়া আৰোৱা বৰ্তমান আইবিৰ এডিজিপি পদত আছে। তিনিওজন উচ্চ পদস্থ আমোলা পৰিয়ালসহ পবিতৰা অভয়াৰণ্যলৈ গৈছিল বিহুৰ ছুটী কটাবলৈ। আমোলাকেইজনে তিনিখন জীপেৰে অভয়াৰণ্যৰ অভ্যন্তৰলৈ ফুৰিবলৈ যাওঁতেই বন্যপ্ৰাণী আইন উলংঘা কৰি অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে।  অভয়াৰণ্যখনৰ বকুলজান শিবিৰৰ সমীপত আমোলাকেইজনে জীপচী ৰখাই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে জীপৰ বনেটত বহি। আনকি তেওঁলোকে তাতে চিগাৰেটো খায় । তেওঁলোকৰ এই বন্য উল্লাসক বাধা দিয়াত বন বিভাগৰ আয়ুক্ত সচিব আকাশদ্বীপ খঙত অগ্নিশৰ্মা হৈ পৰে আৰু লগত থকা বনৰক্ষী তথা জীপ চালকক অশ্লীল ভাষাৰে গালি পাৰি দুৰ্ব্যৱহাৰ কৰে । দুপৰীয়া আহাৰৰ সময়ত মাইবং ৰিজ'ৰ্টলৈ মাতি নি অভয়াৰণ্যখনৰ ৰেঞ্জাৰ নয়নজ্যোতি দাসক শীঘ্ৰে বদলি কৰাৰো ভাবুকি দি গালি-গালাজ পাৰে বিভাগীয় আয়ুক্ত সচিবজনে। এই ঘটনা সন্দৰ্ভত জীপ ছাফাৰি মালিক সন্থাই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এখন অভিযোগ- পত্ৰ প্ৰেৰণ কৰে। অভিযোগ-পত্ৰখনত সন্থাৰ সভাপতি নৃপেন নাথ আৰু সম্পাদক শৈলেন নাথে কয়— ‘১৫ জানুৱাৰীত বন বিভাগৰ এজন উচ্চ পদস্থ বিষয়াই (আয়ুক্ত পৰ্যায়ৰ) তেওঁৰ বন্ধুসকলৰ সৈতে আহি পবিতৰাৰ অভয়াৰণ্যত জীপ ছাফাৰি কৰে। উচ্চ পদস্থ বিষয়াজনক বন বিভাগৰ বিষয়া-কৰ্মচাৰীয়েও সহযোগ কৰে। কিন্তু অতি দুর্ভাগ্যজনক কথাটো হ'ল বিষয়াজন আৰু তেওঁৰ বন্ধুসকলে জংঘলৰ ভিতৰত চিগাৰেট খাই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে লগতে গাড়ী ৰখাই বনেটত বহে। বনকৰ্মীসকলৰ লগতে ড্ৰাইভাৰ-গাইডে বনেটত নুঠিবলৈ অনুৰোধ কৰাত তেওঁ অগ্নিশৰ্মা হৈ সকলোকে অকথ্য গালি দিয়ে। যিসকল বনকর্মীয়ে দিনে- নিশাই কষ্ট কৰি বিহুৰ দিনত বন সম্পদ ৰক্ষাৰ বাবে আছে লগতে ড্ৰাইভাৰ গাইডসকলেও পৰ্যটকৰ সেৱাত ব্ৰতী হৈ আছে তেওঁলোকক ৰাজহুৱাভাৱে এনেদৰে অপমান কৰাত আমি মর্মাহত হৈছোঁ। সেয়েহে এই বিষয়ক এক তদন্ত কৰি বিষয়াজনৰ ওপৰত কঠোৰ ব্যৱস্থা ল'বলৈ অনুৰোধ জনালোঁ।'

No comments