Breaking News

পৃথক কমতাপুৰৰ প্ৰসংগক লৈ দেশজুৰি ব্যাপক চৰ্চা

 


ডিজিটেল ডেস্ক:
পৃথক কমতাপুৰৰ প্ৰসংগক লৈ দেশজুৰি ব্যাপক চৰ্চা....পুনৰ পৃথক বড়োলেণ্ড আৰু পৃথক কৰাক দাবী উত্থাপিত হৈছে । বড়ো নেশ্বনেল ষ্টুডেন্ট ইউনিয়ন চমুকৈ বনছু আৰু ৰাজ্যৰ ষ্টুডেন্ট ইউনিয়ন চমুকৈ বনছু আৰু সদৌ বড়ো প্রাক্তন ভলন্টিয়াৰ্ছ ফর্ম অর্গেনাইজেশ্বনে উত্থাপন কৰিছে পৃথক বড়োলেণ্ডৰ দাবী । সোনকোষৰ পৰা শদিয়ালৈ সামৰি পৃথক বড়োলেণ্ডৰ দাবী উত্থাপন কৰিছে সংগঠন দুটাই । বড়োলেণ্ড ঘোষণা অবিহনে পুনৰ বড়োভূমি উত্তপ্ত কৰি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে । ইফালে , একে দাবীৰে কোকৰাঝাৰত উত্তাল প্রতিবাদ সাব্যস্ত কৰে সদৌ বড়ো প্রাক্তন ভলণিঅটয়াৰ্ছ ফৰ্চ অর্গেনাইজেশ্বনে । ন ' বড়োলেণ্ড ন ’ ৰেষ্ট , উই ৱাণ্ট বড়োলেণ্ড , জৈ বড়ো হাবিনী জৈ ইত্যাদি শ্লোগানৰে পুনৰ পৃথক বড়োলেণ্ড গঠনৰ দাবীত উত্তাল হৈ পৰিছ বড়োভূমিৰ প্রাণকেন্দ্ৰ কোকৰাঝাৰ । সুকীয়া বড়োলেও ৰাজ্য গঠনৰ দাবীত এইদৰে হাতে হাতে বেনাৰ , প্লেকার্ড , ফেষ্টুন আদি লৈ শ্লোগানেৰে পৃথক বড়োলেণ্ড গঠনৰ দাবীত ওলাই আহিছে একালৰ সদৌ বড়ো প্রাক্তন ভলণ্টিয়াৰ্ছ অর্গেনাইজেছন ফৰ্ছৰ ৫০-৬০ উৰ্ধ্বৰ নেতা - কর্মীসকল । স্বাক্ষৰিত হোৱা তিনি খনকৈ চুক্তি ক্রমে বিএচি , বিটিচি আৰু বিটিআৰ চুক্তিক লৈ সদৌ বড়ো প্রাক্তন ভলণ্টিয়াৰ্ছ ফৰ্ছ অর্গেনাইজেছনৰ নেতৃবৃন্দ সকল সুখী নহয় ।  পশ্চিম বংগৰ জিলা কাটি যদি কমতাপুৰ গঠন কৰিব পাৰে তেন্তে ৫৬ বছৰ বড়োসকলে আন্দোলন কৰাৰ পিছত কিয় বড়োসকলৰ বাবে বড়োৰাজ্য গঠন কৰিব নোৱাৰে ? পৃথক বড়ো ৰাজ্য গঠনৰ প্ৰয়োজনত তেওঁলোকৰ এই আন্দোলন চলাই যাবৰ বাবে সাজু বুলিও নেতৃত্বই স্পষ্ট কৰি দিয়ে ।পৃথক বৰাক ৰাজ্য ঘোষণাৰ দাবী উত্থাপন কৰি বিতর্কিত বাঙালী নেতা প্রদীপ দত্তৰয়ে কয় — যদি চৰকাৰে পৃথক কমতাপুৰ ৰাজ্য ঘোষণা কৰিব পাৰে তেতিয়া হ'লে বৰাক উপত্যকা পৃথকীকৰণৰ দীৰ্ঘদিনীয়া দাবীত মানিব লাগিব । আমি অকল বৰাকলেণ্ডৰ দাবীৰ পৰা আঁতৰি আছোঁ । কাছাৰ , কৰিমগঞ্জ , হাইলাকাণ্ডি , উত্তৰ কাছাৰ , কাৰ্বি আংলং , হোজাই , লামডিং , লংকা , আৰু নাগালেণ্ডৰ য'ত ডিমাৰাজ্য স্থাপিত হৈছিল যিটো পাছত মাইবং হৈছিল এই গোটেইখিনি ঠাই সামৰি ৮০ লাখ জনসংখ্যা । বৰাক উপত্যকাত আছে ৫০ লাখ জনসংখ্যা । বাকী ঠাইখিনিৰ ৩০ লাখ লোকক লৈ পৃথক বৰাক ৰাজ্য গঠন কৰিব লাগে বুলি কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাইছোঁ ।স্থানীয় বৰ্মন মানুহ , হিন্দী ভাষী , মণিপুৰী , ১২৫ খন চাহ বাগিছাৰ মানুহৰ সৈতে কথা পাতিছোঁ । সকলোৱে মিলি এটা ‘ কমন ’ নামত ৰাজ্য গঠনৰ দাবী জনাইছে । শীঘ্ৰেই এই দাবী লৈ আমি দিল্লীলৈ যাম । আমি ইতিমধ্যে স্পষ্টভাৱে জনাই দিছো যে কমতাপুৰ ৰাজ্য ঘোষণা কৰিলে পৃথক বৰাক ৰাজ্যও লাগিব ।

No comments