Breaking News

গোলাঘাটত অন্তকন্দলত জৰ্জৰিত হৈছে বিজেপি দল।

 


ডিজিটেল সংবাদ, গোলাঘাট:গোলাঘাটত অন্তকন্দলত জৰ্জৰিত হৈছে বিজেপি দল।  এইবাৰ গোলাঘাটত তুংগত উঠিছে  ন-পুৰণি বিজেপি কৰ্মীৰ সংঘাট।গোলাঘাট বিজেপিত চলিছে তীব্ৰ সংঘাট। মন্ত্ৰী অজন্তা নেওগৰ বিৰুদ্ধে মুকলি বিষেদগাৰ কৃষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি দেৱজিত বৰাৰ। গোলাঘাট সমষ্টিত পুৰণি বিজেপি কৰ্মীক এলাগী কৰি অজন্তা নেওগ এণ্ড কোম্পানীয়ে  একনায়কত্ববাদ চলোৱাৰ অভিযোগ। গোলাঘাট বিজেপিৰ ভিতৰ চ'ৰাত দীৰ্ঘদিন ধৰি উমি উমি জ্বলি থকা জুই কোৰা শেহতীয়াকৈ প্ৰতিফলন ঘটিল পুৰণি বিজেপি নেতা দেৱজিত বৰাৰ মুখত। ২০১১ চনত বিজেপি দলৰ প্ৰাৰ্থী দেৱজিত বৰাই ২০২১ চনৰ বিধান সভা নিৰ্বাচনৰো প্ৰাৰ্থী হিচাপে অন্যতম দাবীদাৰ আছিল গোলাঘাট সমষ্টিত। কিন্তু কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা বিধায়িকা অজন্তা নেওগৰ বাবেই দলীয় সিদ্ধান্ত মানি লৈ নিজৰ চিট এৰি দিছিল অজন্তা নেওগক। সেই সময়তো ন-বিজেপি আৰু পুৰণি বিজেপি কৰ্মীৰ মাজত তুমূল প্ৰতিবাদৰ জোৱাৰ উঠিছিল গোলাঘাট সমষ্টিত। কিন্তু প্ৰবীণ কৰ্মী দেৱজিত বৰাৰ হস্তক্ষেপত শাম কাটিছিল বিদ্ৰোহৰ উক্‌মুকনি। ২০২১ চনত পোন প্ৰথমবাৰৰ বাবে গোলাঘাট সমষ্টিৰ পৰা অজন্তা নেওগে বিজেপি দলৰ হৈ জয়লাভ কৰি মন্ত্ৰী হোৱাৰ পাছতেই এলাগী হৈ পৰিল  পুৰণা নেতা কৰ্মী সকল। সম্প্ৰতি গোলাঘাট সমষ্টিত পুৰণা বিজেপি কৰ্মীক এলাগী কৰি মন্ত্ৰী অজন্তা নেওগে ন-বিজেপি কৰ্মীক সকলোটে উঠি ৰজা বহি ৰজা পাতি দিয়া কাৰ্যত ক্ষোভিত হৈ পৰিছে দেৱজিত বৰাৰ সহিতে বিজেপিৰ পুৰণা কাৰ্যকৰ্তা সকল। এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যিক বিজেপিৰ নেতৃত্নকো অভিযোগ কৰিছে দেৱজিত বৰাই। ইফালে বৰাই সংবাদ মাধ্যমৰ আগত কয় যে কোনো কাৰণতেই গোলাঘাটত ব্যক্তিকেন্দ্ৰিক ৰাজনীতি কৰিবলৈ দিয়া নহ'ব। এতিয়া প্ৰশ্ন হয়, ৰাজ্যিক বিজেপিৰ কৃষাণ মৰ্চাৰ সভাপতি দেৱজিত বৰাৰ এনে বিদ্ৰোহৰ পাছত দলীয় নেতৃত্ব তথা অজন্তা নেওগে কি পদক্ষেপ গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ'ব।

No comments