Breaking News

বিশ্বৰ দ্বিতীয় শীর্ষ চি ই অ ’ মুকেশ আম্বানি




ডিজিটেল ডেস্ক:ব্ৰেণ্ড ফাইনেন্সৰ শীর্ষ মুখ্য কাৰ্যবাহী বিষয়াৰ তালিকা ....বিশ্বৰ দ্বিতীয় শীর্ষ চি ই অ ’ মুকেশ আম্বানি... শীর্ষ দহটা স্থানত ভাৰতীয় মূলৰ ৬ জন ব্যক্তি...ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ অধ্যক্ষ মুকেশ আম্বানিয়ে ব্ৰেণ্ড ফাইনেন্সৰ বিশ্বৰ শীৰ্ষ চি ই অ ’ ( মুখ্য কার্যবাহী বিষয়া ) তালিকাত দ্বিতীয় স্থান লাভ কৰিছে । ব্ৰেণ্ড ফাইনেন্সৰ প্ৰতিবেদনত কোৱা হৈছে , ‘ ব্ৰেণ্ড ফাইনেন্সৰ ব্ৰেণ্ড গার্ডিয়েনশ্বিপ ইনডেক্স ২০২৩ - ত এনভিডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া জেনছেন হুৱাং আৰু ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ মুকেশ আম্বানি ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থানলৈ উন্নীত হয় ।  মুকেশ আম্বানিয়ে মাউক্ৰ'ছফটৰ সত্য নাদেলা আৰু গুগলৰ সুন্দৰ পিচাইৰ দৰে মুখ্য কার্যবাহী বিষয়াক পিছ পেলাই শীর্ষ দ্বিতীয় স্থানলৈ উন্নীত হৈছে । সত্য নাদেলা ২০২২ চনত প্ৰথম স্থানত থকাৰ বিপৰীতে এই বৰ্ষত তৃতীয় স্থানলৈ অৱনমিত হয় । তালিকাৰ চতুৰ্থ স্থানত এব’ডৰ মুখ্য কার্যবাহী বিষয়া শান্তনু নাৰায়ণ আৰু পঞ্চম স্থানত সুন্দৰ পিচাই আছে । ষষ্ঠ স্থানত আছে ডেলইটৰ পুণিত ৰঞ্জন , সপ্তম স্থানত এছ টি লাউডাৰৰ ফেব্রিজিঅ ’ ফ্রেডা আৰু অষ্টম স্থানত টাটা ছনছৰ নটৰাজন চন্দ্ৰশেখৰণ । এই তালিকাৰ শীৰ্ষ দহটা স্থানত দুজন ভাৰতীয় আছে ।

No comments