Breaking News

.নতুন ৰূপত আৰম্ভ হৈছে অসম লোকসেৱা আয়োগৰ দুৰ্নীতিৰ তদন্ত

 


ডিজিটেল ডেস্ক:... নতুন ৰূপত আৰম্ভ হৈছে অসম লোকসেৱা আয়োগৰ দুৰ্নীতিৰ তদন্ত । ধনৰ বিনিময়ত ৰাজপত্ৰিত বিষয়া বাছনি কৰাৰ ভয়ংকৰ অনিয়মৰ পৰৱৰ্তী পৰ্যায়ৰ আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত সঠিক দিশত তদন্ত আগবঢ়াই  অনিয়মেৰে চাকৰি পোৱা অর্ধ শতাধিক ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেছাৰেই আৰম্ভ কৰিছে দ্বিতীয় পৰ্যায়ৰ তদন্ত । তদন্ত আৰম্ভ কৰিয়েই  জাননী জাৰি কৰিছে আয়োগৰ তদানীন পৰীক্ষা নিয়ন্ত্ৰক নন্দবাবু সিঙলৈ । অহা ৭ দিনৰ ভিতৰত তদন্তকাৰী  বিষয়াৰ ওচৰত হাজিৰ হৈ অভিযোগৰ উত্তৰ দিব লাগিব নন্দবাবু সিঙে ।  অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে তদন্ত কৰি চৰকাৰৰ ওচৰত দাখিল কৰা প্ৰতিবেদনৰ আধাৰত আৰক্ষী বিষয়া সুৰজিৎ সিং পানেছাৰে তদন্ত আগুৱাই নিয়াৰ পদক্ষেপ লৈছে । উল্লেখযোগ্য যে বিপ্লৱ কুমাৰ শৰ্মাক লৈ গঠিত ন্যায়িক আয়োগে ৩৪ জন ৰাজপত্ৰিত বিষয়াৰ বাছনী তথা নিযুক্তি প্রক্রিয়াত আসোঁৱাহ ৰৈ যোৱাৰ ইংগিত দিছিল ৷ শেহতীয়াকৈ ন্যায়িক আয়োগৰ সেই প্রতিবেদনৰ আধাৰতেই আৰক্ষী বিষয়া সুৰজিৎ সিং পানেছাৰে সমগ্ৰ বিষয়টো ন - ৰূপত আগুৱাই নিয়াৰ পদক্ষেপ লৈছে । ইতিমধ্যে সেই অনিয়মৰ ফাইল মুকলি কৰা হৈছে আৰু অনিয়মেৰে ৰাজপত্ৰিত বিষয়া হ’বলৈ সক্ষম হোৱা বহুজনৰ চাকৰি যোৱাৰ পথত ... ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত তদন্ত প্রক্রিয়া আগুৱাই নিয়ে , তেন্তে নিশ্চয়কৈ ৩৪ জন বিষয়াৰ ভৱিষ্যৎ অন্ধকাৰ হ’ব । তদানীন্তন পৰীক্ষা নিয়ন্ত্রকগৰাকীৰ ভাষ্যৰ ওপৰত তদন্ত নিৰ্ভৰ কৰিব ।  অসম লোকসেৱা আয়োগৰ পূৰ্বৰ তদন্তৰ দৰে এইবাৰো লোকসেৱা আয়োগৰ তদানীন্তন বিষয়া আৰু অনিয়মেৰে চাকৰি পোৱা ৰাজপত্ৰিত বিষয়া আৰক্ষীৰ জালত পৰাটো নিশ্চিত ।

No comments