Breaking News

প্রচণ্ড শীতৰ বাবেই এসপ্তাহত দুই শিশুৰ মৃত্যু...

 


ডিজিটেল ডেস্ক..প্রচণ্ড শীতৰ বাবেই এসপ্তাহত দুই শিশুৰ মৃত্যু...  প্রচণ্ড শীতৰ বাবেই ডিব্ৰুগড় জিলাৰ মৰাণত এটা সপ্তাহৰ ভিতৰত দুটি কণমানি শিশুৰ কৰুণ মৃত্যুৰ  ঘটনা পোহৰলৈ আহিছে । ১৩ জানুৱাৰীত মিৰিহোলাৰ বাজেন মুড়াৰ প্ৰায় ডেৰমহীয়া উজ্জ্বল মুড়া নামৰ শিশুটি মৃত্যু হোৱাৰ পিছতে ১৭ জানুৱাৰীত চানী ধানোৱাৰৰ ছয়মহীয়া পুত্র তন্ময় ধানোৱাৰৰ মৃত্যু হয় । শিশু দুটিক চিকিৎসকৰ ওচৰলৈ নিওঁতে অত্যধিক ঠাণ্ডাৰ বাবেই মৃত্যক আঁকোৱালি লোৱা বুলি জনায় । ২৭ ডিচেম্বৰত মৰাণত হোৱা প্ৰবল শিলাবৃষ্টিত আন আন অঞ্চলৰ লগতে মৰাণ মিৰিহোলাৰ উক্ত শিশু দুটিৰ বাসগৃহও শিল - বৰষুণে সম্পূৰ্ণৰূপে ক্ষতিসাধনত প্ৰশাসনৰ ফালৰ পৰা কোনো সাহায্য লাভ নকৰা দৰিদ্ৰ পৰিয়াল দুটাই তেতিয়াৰে পৰা উৰুখা গৃহতে বাস কৰিছিল .. প্রথম শিশুটোৰ মৃত্যুৰ পিছতেই মৰাণৰ এটা চিকিৎসকৰ দল গৈ  অঞ্চলটোৰ সকলো শিশুকে ঠাণ্ডাৰ পৰা বচাই ৰাখিবলৈ চিকিৎসকে আহ্বান জনাইছিল যদিও পৰিয়ালে কোনোধৰণৰ সতৰ্কতা অৱলম্বন নকৰাত আনটো শিশুৰো মৃত্যু হয় ।মৰাণত হোৱা প্ৰবল শিলাবৃষ্টিৰ ক্ষতিগ্রস্তুসকলক মুখ্যমন্ত্ৰীয়ে ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছিল , কিন্তু কি কাৰণত এতিয়াও বহু ক্ষতিগ্রস্ত পৰিয়াল সাহায্যৰ পৰা বঞ্চিত হৈ আছে সেয়া আশ্চৰ্যজনক  । আনহাতে , শিশু দুটিৰ মৃত্যুৰ পিছতে চৰকাৰৰ ভূমিকাক লৈ ক্ষুদ্ধ হৈ পৰিছে সদৌ অসম আদিবাসী ছাত্র সন্থা চমুকৈ আছাৰ মৰাণ আঞ্চলিক সমিতি । আছাৰ মৰাণ আঞ্চলিক সমিতিৰ সভাপতি ফিলিপ বেঙে সমগ্ৰ ঘটনাটোৰ এক উচিত তদন্তৰ দাবী জনায়...

No comments