Breaking News

গুণোৎসৱৰ নামত ল'ৰা-ধেমালিৰ আশ্ৰয় লৈছে ৰাজ্যৰ শিক্ষা বিভাগে।


ডিজিটেল ডেস্ক: 
যোৱা ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে চতুর্থ পৰ্বৰ গুণোৎসৱৰ প্ৰথম পৰ্যায়। ভুল প্রশ্ন কাকতেৰে গুণোৎসৱ অনুষ্ঠিত কৰি একাংশ বিষয়াৰ কাণ্ডজ্ঞানহীন কর্ম-কাণ্ডৰ বাবে চতুর্থ পৰ্বৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱত বিপাস্তুত পৰিবলগীয়া হৈছে ছাত্র-ছাত্রী। শিক্ষক সমাজৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।  ৰাজ্যৰ এঘাৰখন জিলাত অনুষ্ঠিত  হৈছে গুণোৎসৱ কিন্তু অতি দৃষ্টিকটুভাৱে বহিঃমূল্যায়ন প্রক্রিয়াত দেখা গৈছে ইটোৰ পিচত সিটো  খেলিমেলি। অৱসৰপ্ৰাপ্ত শিক্ষক, মৃত শিক্ষক, বদলি হৈ অন্য জিলালৈ যোৱা শিক্ষক, ছুটীত থকা ৰুগীয়া শিক্ষকক দিয়া হৈছে গুণোৎসৱৰ নিৰীক্ষকৰ দায়িত্ব।কেৱল সেয়ে নহয়, ভুল প্রশ্নকাকতেৰে ছাত্ৰ-ছাত্ৰীৰ মূল্যায়নৰ ব্যৱস্থা কৰা হৈছে। যিয়ে শিক্ষক-শিক্ষার্থীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। শিক্ষক সমাজত বিশ্বাসত নলৈ সৰ্বশিক্ষাৰ একাংশ দায়িত্বজ্ঞানহীন বিষয়াৰ ওপৰত ভাৰসা কৰাৰ বাবেই এনে হোৱা বুলি শিক্ষা বিভাগৰ ভিতৰচ'ৰাত চৰ্চা হৈছে।  শিক্ষা মন্ত্ৰীয়ে ঘোষণা কৰিছিল যে  এইবাৰ শিক্ষকসকলে ইউ ডাইচ'ৰ এটা এপযোগে অনলাইনত লাভ কৰিব। সৰ্বশিক্ষাই প্ৰস্তুত কৰা তালিকা গুণোৎসৱত শিক্ষকসকলে কর্তব্য সমাপন কৰিব লাগিব। অৱশ্যে শিক্ষা মন্ত্ৰীৰ ঘোষণা অনুসৰি সৰ্বশিক্ষাই তালিকা প্রস্তুত কৰিলে যদিও এপযোগে তালিকাখন প্রকাশ নাপালে। তাৰ পৰিবৰ্তে প্ৰতিটো শিক্ষা খণ্ডলৈ শিক্ষকৰ কৰ্তব্যৰ স্থানৰ তালিকা প্ৰেৰণ কৰিলে সৰ্বশিক্ষাই। কিন্তু এই তালিকাই বিপাঙত পেলাইছে বহু শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষক, অধ্যক্ষ, শিক্ষক-শিক্ষয়িত্রীক। কাৰণ সৰ্বশিক্ষাৰ কাৰ্যালয়ত বহি বিষয়াই প্ৰস্তুত কৰা তালিকাত ব্যাপক বিসংগতি বৈ গৈছে। তালিকাত সন্নিৱিষ্ট হৈছে মৃত্যু হোৱা শিক্ষকৰ নাম।  ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা প্ৰাক্তন শিক্ষকৰ নামো গুণোৎসৱৰ দায়িত্বপ্রাপ্ত শিক্ষকৰ তালিকাত সন্নিবিষ্ট হৈছে। আনহাতে অন্য জিলালৈ বদলি হৈ যোৱা শিক্ষক, ৰোগৰ বাবে ছুটীত থকা শিক্ষক, মাতৃকালীন ছুটীত থকা শিক্ষয়িত্ৰীৰ নামো সন্নিবিষ্ট হৈছে তালিকাত। শিক্ষা বিভাগৰ এটা সূত্ৰৰ মতে 'ইউ-ডাইচ' কোডমতে সর্বশিক্ষাই শিক্ষকৰ কৰ্তব্যৰ তালিকা প্ৰস্তুত কৰিছে। এই কোডসমূহ স্বাভাৱিকতে ডেৰ-দুবছৰ পূৰ্বেই প্ৰস্তুত কৰা। সেয়ে এই সময়ছোৱাত মৃত্যু হোৱা নাইবা অৱসৰ গ্ৰহণ কৰা শিক্ষকৰ নামো তালিকাত সন্নিবিষ্ট হৈছে। খণ্ড শিক্ষা বিষয়া, চি আৰ চি চি নাইবা বিদ্যালয়ৰ প্রধান শিক্ষক-অধ্যক্ষৰ লগত বিষয়টো আলোচনা কৰিলে এনে বিসংগতিৰ সৃষ্টি নহ'লহেঁতেন বুলি চৰ্চা হৈছে। কিন্তু শিক্ষা বিভাগে শিক্ষক সমাজক বিশ্বাসত নোলোৱাৰ অভিযোগ উত্থাপন হৈছে। আনহাতে শিক্ষকক বিশ্বাসত নোলোৱাৰ বাবে গুণোৎসৱৰ প্ৰশ্নকাকতত বাৰেপাচি ভুল পৰিলক্ষিত হৈছে বুলি অভিযোগ উঠিছে। একাংশ শিক্ষানুষ্ঠানে ভুলৰ শুধৰণি কৰি শিক্ষাৰ্থীৰ মান মূল্যায়ন কৰে যদিও বহুতে ভুলভাবেই মূল্যায়ন কৰিবলগীয়া হয়। এনে পৰিস্থিতিত শিক্ষাৰ্থীৰ সঠিক শৈক্ষিক মান নির্ণয়ক লৈ উত্থাপন হৈছে প্ৰশ্নৰ। যি প্রশ্নসমূহে শিক্ষক-শিক্ষার্থী-অভিভাৱকৰ মাজত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।

No comments