Breaking News

কাপ্তানচুক প্ৰাথমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি গছপুলি ৰোপণ।


ডিজিটেল ডেস্ক:
আজি ইংৰাজী ২১ জানুৱাৰী শনিবাৰে লাইপুলিত অৱস্থিত কাপ্তানচুক প্ৰাথমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী সমাৰোহ উপলক্ষে পৰিৱেশ সুৰক্ষা সমিতিৰ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি বৰ্ষজোৰা গছপুলি ৰোপণ, প্ৰতিপালন আৰু বিতৰণ কাৰ্যসূচী অন্তৰ্গত লাইপুলিত অৱস্থিত কাপ্তানচুক  প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গনত গছপুলি ৰোপণ কৰা হয়। গছপুলি ৰোপণ কায্যসূচী শুভাৰম্ভ কৰে পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই। গছপুলি ৰোপণ কায্যসূচী শুভাৰম্ভ কৰি এটা সুস্থ পৰিৱেশতহে কণ কণ শিশুসকলৰ সুস্বাস্থ্য আৰু উজ্জ্বল ভৱিষ্যত  সম্ভৱ বুলি মন্তব্য কৰে ইয়াৰ বাবে আমি সকলোৱে গছপুলি ৰোপণ কৰিব লাগিব আৰু গছপুলি সমূহৰ প্ৰতিপালনৰ দিশটো গুৰুত্ব সহকাৰে লৈ গছপুলি সমূহৰ এক বৃহত ৰূপ দিবলৈ চেষ্টা কৰিব লাগিব । তেতিয়াহে আমি কণ কণ শিশুসকলক এটা সুস্থ পৰিৱেশ দিবলৈ সক্ষম হম।লগতে পৰিৱেশ প্ৰদূষণৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ গছপুলি ৰোপণৰ দৰে গুৰুত্বপূৰ্ণ কায্যসূচী ব্যৱস্থা কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।কাৰ্যসূচী অনুসৰি গছপুলি ৰোপণৰ লগতে বিদ্যালয়ৰ পতকা উত্তোলন কৰে জয়হিন্দ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰফুল বৰা সমাৰোহৰ পতকা উত্তোলন কৰে উদযাপন সমিতিৰ উপদেষ্টা মিলন গোহাঁই স্মৃতি তৰ্পণ কৰে কীৰ্তি  কুমাৰ গোঁহাই।  আজি কায্যসূচীত উদযাপন সমিতিৰ যুটীয়া সম্পাদক ক্ৰমে বসন্ত বড়া আৰু মণ্টু গোহাঁই, পৰিৱেশ সুৰক্ষা সমিতিৰ জিলা উপসভাপতি ৱাজিদ খানঅনুষ্ঠানত উপস্থিত থাকে কাপ্তানচুক গাঁৱৰ গাৱবুঢ়া দেৱকান্ত গোহাঁই, অসম মটক ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা দিগন্ত কুমাৰ নেওগ, সমন্বয় সমাজ কল্যাণ যুৱ সন্থাৰ সম্পাদক শীৰ্ষজ্যোতি নেওগ(প্ৰাঞ্জল), সমাজসেৱক মণ্টু বড়াই উপস্থিত থাকে

No comments