Breaking News

বিশ্বৰ সৰ্ববৃহৎ প্ৰযুক্তি প্রতিষ্ঠান গুগলৰ ‘কৰ্মচাৰী ছাঁটাই অভিযান।


ডিজিটেল ডেস্ক: 
গুগলৰ মূল কোম্পানী আলফাবেটে ১২ হাজাৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ খবৰ চৰ্চালৈ আহিছে। কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচায়ে কৰ্মচাৰীসকলৰ সৈতে শ্বেয়াৰ কৰা এখন স্মাৰক-পত্ৰত এই তথ্য প্ৰদান কৰিছে। বিশ্বৰ সৰ্ববৃহৎ টেক কোম্পানীটোত কৰ্মচাৰী ছাটাই' এই অভিযানে বিশ্বজুৰি হাহাকাৰ সৃষ্টি কৰিছে। হঠাতে কোম্পানীটোৰ পৰা এনেদৰে একেলগে ১২ সহস্রাধিক কৰ্মচাৰীক অপসাৰণ কৰা খবৰে স্তম্ভিত কৰি তুলিছে সকলোকে। দুদিন পূৰ্বে আলফাবেটৰ প্ৰতিদ্বন্দ্বী মাইক্ৰ'ছফুটেও ১০ হাজাৰ কৰ্মচাৰীক অপসাৰণৰ কথা কৈছিল। একেসময়তে দুই প্রতিদ্বন্দ্বী প্রযুক্তি কোম্পানীয়ে লোৱা এই সিদ্ধান্তই ৰহস্যৰ মাজলৈ ঠেলি নিছে। এই অপসাৰণৰ ফলত কোম্পানীৰ এইচ আৰ বিভাগ, কৰ্প'ৰেট পৰিক্ৰমা, অভিযান্ত্ৰিক আৰু প্ৰডাক্ট বিভাগৰ দলসমূহ প্ৰভাৱিত হ'ব।  

No comments