Breaking News

মৰাণৰ পথত নিৰ্মাণ হ'ব উৰাজাহাজৰ জৰুৰী অৱতৰণৰ ব্যৱস্থা ।

 


ডিজিটেল ডেস্ক: 
শিৱসাগৰ জিলাৰ ডিমৌৰ পৰা ডিব্ৰুগড় জিলাৰ মৰাণৰ তিলৈ দলঙলৈকে নিৰ্মাণ হৈ থকা চাৰিলেনযুক্ত পথত মৰাণৰ খটখটীত ৪২ কিল'মিটাৰ পথত নিৰ্মাণ হ'ব উৰাজাহাজৰ জৰুৰী অৱতৰণৰ ব্যৱস্থা (Emergency Landing Facility) বা ELF. মৰাণ খটখটীৰ জয়িনীত নির্মাণ হ'বলগীয়া এই ELFৰ নিৰ্মাণৰ কাম শুক্ৰবাৰে  উদ্বোধন কৰে মৰাণ সমষ্টিৰ বিধায়ক বি চক্ৰধৰ গগৈ আৰু ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে।  নিৰ্মাণৰ ঠিকা নতুনকৈ লাভ কৰিছে পশ্চিমবংগৰ মেচাৰ্ছ মোহনলাল জৈন নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে। ১২২ কোটি টকা ব্যয়সাপেক্ষ এই পথছোৱাৰ নিৰ্মাণৰ কাম আগন্তুক ১৮ মাহত সম্পূৰ্ণ হ'ব বুলি জানিবলৈ দিছে প্রতিষ্ঠানটোৰ বিষয়াই। উদ্বোধনী অনুষ্ঠানত বক্তব্য ৰাখি বিধায়ক চক্ৰধৰ গগৈ আৰু উপায়ুক্ত বিশ্বজিৎ পেগুৱে নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰী প্ৰতিষ্ঠানটোক আহ্বান জনায়। লগতে নির্মাণকার্যত যিকোনো প্রতিবন্ধকতা আহিলে জিলা প্ৰশাসনক অৱগত কৰিবলৈ আহ্বান জনায় দুয়োগৰাকী বক্তাই। উদ্বোধনী অনুষ্ঠানত বিধায়ক চক্ৰধৰ গগৈ, উপায়ুক্ত বিশ্বজিৎ পেগুৰ উপৰি মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শ্রাৱণা সোনোৱাল, মৰাণ আৰক্ষী চক্ৰৰ চক্ৰ পৰিদৰ্শক সিদ্ধেশ্বৰ বড়ো, মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ উপাধ্যায়, ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন প্ৰাধিকৰণৰ বিষয়াবর্গ, স্থানীয় পঞ্চায়ত প্ৰতিনিধি আৰু বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

No comments