Breaking News

গুৱাহাটী মহানগৰীতো জ্বলিল শ্বাহৰুখ কানৰ বহু চৰ্চিত পাঠান

 


ডিজিটেল ডেস্ক: গুৱাহাটী মহানগৰীতো জ্বলিল শ্বাহৰুখ কানৰ বহু চৰ্চিত পাঠান ।  এল জি টাৱাৰৰ ডিজিটেল চিনেমা গৃহৰ সন্মুখত শ্বাহৰুখ খান আৰু দীপিকা পাদুকন অভিনীত চিনেমা ‘ পাঠান’ৰ পোষ্টাৰ দাহ...বজ্ৰংদলৰ নাৰেংগী সমিতিয়ে তীব্র প্রতিবাদ সাব্যস্ত কৰে শুকুৰবাৰে সন্ধিয়া  । বক্তৰংদলৰ সদস্যসকলে চিনেমা গৃহৰ সন্মুখত সমবেত হৈ পাঠান চিনেমাখনৰ প্রদর্শনী বন্ধ কৰিবলৈ দাবী জনায় । বজবং দলৰ নেতা কর্মীসকলে ‘ পাঠান ’ চিনেমা চলিবলৈ দিয়া নহ'ব , হিন্দুৰ সভ্য - সংস্কৃতিক অপমান কৰিবলৈ দিয়া নহ'ব , বলীউডৰ চিনেমা জগতক মুছলমান সন্ত্রাসবাদীৰ হাতত এৰি দিয়া নহ'ব জয় শ্ৰীৰাম আদি শ্লোগানেৰে পৰিস্থিতি উত্তাল কৰি তোলে । বৰং দলৰ কর্মীসকলে এল জি টাৱাৰ ডিজিটেল চিনেমা গৃহৰ সন্মুখত আৰি থোৱা পাঠান চিনেমাৰ পোষ্টাৰ চিঙি জুই লগাই দিয়ে । বজৰং দলৰ কৰ্মীসকলে আকস্মিকভাৱে পাঠানৰ পোষ্টাৰ জ্বলাই প্রতিবাদ কৰাত ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । সন্ত্রাসবাদী শ্বাহৰুখ খানৰ কথা ছবি পাঠান কোনোপধ্যে চলিবলৈ দিয়া নহয় বুলি বজৰং দলৰ নাৰেংগী শাখাৰ নেতা প্রদীপ কলিতাই হুংকাৰ দি কয়— হিন্দু সভ্যতা সংস্কৃতিক অপমান কৰাটো সহ্য কৰা নহ'ব । শ্বাহৰুখ খান আৰু আমিৰ খানে ভাৰতীয় চিনেমা জগত খনক ইছলামী কৰিব বিচাৰিছে । সন্ত্রাসবাদী ডাউদ ইব্রাহীমে মুছলমান সন্ত্রাসবাদীৰ ধনেৰে মুম্বাইৰ ছবি জগতখনক ইছলামিকস্থান কৰিব বিচাৰিছে ।  শ্বাহৰুখ খানৰ পাঠান ছবিখন অহা ২৫ জানুৱাৰীত ছবিঘৰত মুক্তি লাভ কৰিব ৷ জনপ্রিয় গায়ক জুবিন গাৰ্গে শ্বাহৰুখ খানৰ ছবি পাঠানৰ প্ৰতি সম্পূর্ণ সমর্থন আগবঢ়াইছে । জুবিন গাৰ্গৰ মন্তব্য শ্বাহৰুখ খানৰ নতুন ছবি আহিছে , সবেই চাব , হললৈ আহিব , তাৰ লগতে ডাঙৰ কথা এটা আছে , পাঠানৰ পিছত মোৰ ডাক্তৰ বেজবৰুৱা আহি আছে , পাঠানো চাব ডাক্তৰ বেজবৰুৱাও চাব , থেংক ইউ , লাউ ইউ , ফ’ৰ জুবিন গার্গ । পাঠান ছবিত অভিনয় কৰা জনপ্রিয় অভিনেত্রী দীপিকা পাদুকনৰ পোছাক , ছবিখনৰ গান আৰু নামক লৈ বিজেপিৰ একাংশ নেতা মন্ত্রীয়ে মুকলি আপত্তি আৰু অসন্তোষ ৰাজহুৱা কৰাৰ সময়তে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এইক্ষেত্ৰত গ্ৰহণ কৰিছে এক কঠোৰ স্থিতি । নতুন দিল্লীত যোৱা ১৬ আৰু ১৭ জানুৱাৰীত অনুষ্ঠিত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত দলৰ কোনো মন্ত্রী বা চলিচ্চত্ৰৰ নাম উল্লেখ নকৰাকৈয়ে দলৰ লোকসকলক কোনো চলিচ্চত্ৰৰ ক্ষেত্ৰত অনাবশ্যক মতামত দিয়াৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায় ।। মুক্তি পূৰ্বৰে পৰাই পাঠান ছবিক কেন্দ্ৰ কৰি ভাৰতত তীব্ৰ বিতৰ্ক সৃষ্টি হোৱাৰ সময়তে বিদেশত ছবিখনে গঢ়িছে অভিলেখ । চাৰি বছৰ পাছত ‘ বিগ স্ক্ৰীন’ত উভতি অহা শ্বাহৰুখ খানৰ পাঠানে জার্মানীত আগতীয়া টিকট বুকিঙৰ ক্ষেত্ৰত ইতিমধ্যে ১.৩২ কোট টকাৰ ব্যৱসায় কৰিছে । 

No comments