Breaking News

বি চি চি আইৰ পৰ্যবেক্ষকৰ দায়িত্বত গোলাঘাটৰ সুসন্তান পৰীক্ষিত দত্ত



অহা ২৭ জানুৱাৰীত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত ৰাঁচীত অনুষ্ঠিত হʼবলগীয়া টি -২০ শৃংখলাৰ প্ৰথমখন খেলৰ বাবে  বি চি চি আইৰ পৰ্যবেক্ষক হিচাপে দায়িত্ব লাভ এগৰাকী অসমীয়াৰ। উক্ত খেলখনত বি চি চি আইৰ পৰ্যবেক্ষক হিচাপে নিয়োগ কৰিছে অসমৰ যুৱ ক্ৰীড়া সংগঠক, অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন উপ-সভাপতি তথা গোলাঘাটৰ সুসন্তান পৰীক্ষিত দত্তক। 

উল্লেখ্য যে,  দত্তই অসম ক্ৰিকেট সন্থাৰ দুটা কাৰ্যকালৰ বাবে উপ সভাপতিৰ দায়িত্ব থাকি  দক্ষতাৰে কৰ্তব্য পালন কৰাৰ উপৰি বিগত সময়চোৱাত অসমত অনুষ্ঠিত হৈ যোৱা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলসমূহ সুচাৰুৰূপে পৰিচালনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি আহিছে । 

বৰ্তমান তেওঁ গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতিৰ দায়িত্বত আছে । ইফালে পৰীক্ষিত দত্ত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ কেন্দ্ৰীয়  কমিটিৰ কাৰ্যনিৰ্বাহক সদস্য আৰু ক্ৰীড়া কোষৰ সহ আহ্বায়কৰ দায়িত্বত আছে  ।

No comments