Breaking News

মুখ্যমন্ত্ৰীৰ এই ভাষ্যই কমতাপুৰ গঠনৰ সমগ্ৰ বিষয়টো আকৌ এবাৰ ৰহস্যকৰ কৰি তুলিলে

 


ডিজিটেল ডেস্ক..পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীৰে সুদীৰ্ঘ সময় সশস্ত্র সংগ্ৰাম চলাই অৱশেষত শান্তি আলোচনাৰ মেজলৈ অহা কে এল অৰ মুৰব্বী জীবন সিংহৰ সৈতে কেন্দ্ৰীয় চৰকাৰে প্ৰকৃততে কেতিয়া আলোচনাৰ মেজত বহিব ? মুখ্যমন্ত্রী ড ° হিমন্ত বিশ্ব শৰ্মাৰ এক ভাষ্যই কমতাপুৰ গঠনৰ সমগ্ৰ বিষয়টো ৰহস্যলৈ  ঠেলি দিছে । মুখ্যমন্ত্ৰী ড ° শৰ্মাই নতুন দিল্লীত জীবন সিংহৰ আগমন সন্দৰ্ভত মত প্ৰকাশ কৰি কৈছিল — ' বর্তমান তেখেত আহিছে । জিৰণী ল'ব । লাহেকৈ চৰকাৰৰ লগত আলোচনা আৰম্ভ কৰিব । ২৬ জানুৱাৰী বা ১৫ আগষ্ট সন্মুখত ৰাখি কিবা এটা ঘোষণা কৰি দিয়া ধৰণৰ বস্তু নহয় এইটো । তেওঁ মূল সূতিলৈ উভতি অহাটোৱে ডাঙৰ খবৰ । কিছুদিনলৈ সেইটোৱে ডাঙৰ খবৰ হৈ থাকিব ।মুখ্যমন্ত্ৰীৰ এই ভাষ্যই কমতাপুৰ গঠনৰ সমগ্ৰ বিষয়টো আকৌ এবাৰ ৰহস্যকৰ  কৰি তোলে । লক্ষণীয়ভাৱে কমতাপুৰ , কে এল অ আৰু জীবন সিংহক কেন্দ্ৰ কৰি অসমৰ সংবাদ মাধ্যমত যিমান বাতৰি প্ৰকাশ পাই আছে বা সংবাদ মাধ্যমে যিমান গুৰুত্ব দিছে , তাৰ তুলনাত পশ্চিমবংগৰ সংবাদ মাধ্যমত এই সন্দৰ্ভত কোনো ধৰণৰ চৰ্চাই নাই । পশ্চিমবংগৰ এক বৃহৎ অঞ্চল প্রস্তাবিত কমতাপুৰৰ অংশ হোৱাটো বিচাৰিছে জীবন সিংহ আৰু কে এল অই ,মমতা বেনাজীৰ বিৰুদ্ধে পশ্চিম বংগত জীবন সিংহ হ’ল বিজেপিৰ বাবে অন্যতম ট্রাম্প কার্ড । এই ট্রাম্প কাৰ্ডৰ আলমতে বিজেপিয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত উত্তৰ বংগত খোপনি পোতাৰ ৰাজনৈতিক ৰণকৌশল প্রস্তুত কৰিছে । শুকুৰবাৰে সমগ্ৰ দিনটো কেন্দ্রীয় গৃহ মন্ত্রণালয় , কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা আৰু ৰ'ৰ শীৰ্ষ আমোলাই নতুন দিল্লীত থকা কে এল অৰ একাংশ বিষয়ববীয়াৰে কেবালানি বৈঠকত মিলিত হয় । অৱশ্যে এই বৈঠক সমূহত জীবন সিং উপস্থিত নাছিল । কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ সূত্ৰৰ মতে নিয়ম অনুসৰি পোন প্ৰথমে কেন্দ্ৰীয় চৰকাৰ আৰু কে এল অৰ মাজত যুদ্ধবিৰতিৰ চুক্তি স্বাক্ষৰিত হ’ব । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সন্মতি সাপেক্ষে আলোচনাৰ খচৰা প্ৰস্তুত হ’ব । এই খচৰা চূড়ান্ত হোৱাৰ পিছতহে কেন্দ্ৰীয় ৰাজ্য আৰু কে এল অৰ মাজত এখোজ দুখোজকৈ শান্তি আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব ।  নাগালিমৰ চুক্তিৰ আৰ্হিতে আগবাঢ়িব কমতাপুৰ চুক্তিৰ প্রক্রিয়া । সেয়ে সমগ্ৰ প্ৰক্ৰিয়াত প্রয়োজন হ’ব দীঘলীয়া সময়ৰ । আনহাতে কে এল অৰ প্ৰস্তাবিত কমতাপুৰৰ সৈতে তিনিখন ৰাজ্যৰ ভৱিষ্যত জড়িত হৈ আছে । এই তিনিখন ৰাজ্যখণ্ডিত কৰিব লাগিব কে এল অৰ প্ৰস্তাবিত কমতাপুৰ গঠন কৰিবলৈ হ'লে । ই এক জটিল সাংবিধানিক প্রক্রিয়া । এই ক্ষেত্ৰত অসম , পশ্চিমবংগ আৰু বিহাৰ চৰকাৰৰো অনুমতিৰ প্ৰয়োজন হ’ব । ইয়াৰ বাবেও প্ৰয়োজন হ’ব যথেষ্ট সময়ৰ । লক্ষণীয়ভাৱে পশ্চিম অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীক প্রতিনিধিত্ব কৰা একাংশ দল সংগঠন অসমৰ পৰা ফালৰি কাটি কমতাপুৰ গঠনৰ ক্ষেত্ৰত যিদৰে মুকলি সমৰ্থন জনাই আছে সেই দাবীয়ে শেহতীয়াকৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । 

No comments