Breaking News

গুৱাহাটীত কে এল অ'ৰ মুখ্য সেনাধক্ষ্য জীৱন সিংহ

 


ডিজিটেল ডেস্ক: 
নিজৰ ঘৰ আৰু পৰিয়ালক এৰি নিজ জনগোষ্ঠীৰ পাৱলগীয়া অধিকাৰ পোৱাৰ দাবীত ম্যানমাৰৰ পৰা আহি অসমত প্ৰৱেশ কৰাৰ পিছত জীৱন সিংহকে ধৰি আৰু ৯ জনীয়া কে এল অ'ৰ বিষয়ববীয়াৰ দলটোক আৰক্ষীৰ বিশেষ নিৰাপত্তাৰ জৰিয়তে গুৱাহাটীত এটা দিন ৰখাই তাৰ পিছদিনাই  দিল্লীলৈ নিয়া হয়।বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতে  বিশেষ আলোচনা কৰাৰ অন্তত শুকুৰবাৰে পুৱা জীৱন সিংহক  সেনাৰ তক্তাৱধানত পুনৰ গুৱাহাটীলৈ অনা হয়। বিশেষ সূত্ৰৰ মতে, জীৱন সিংহক প্ৰথমে আই বি অতিথিশালাত ৰাখে  যদিও পৰৱৰ্তী সময়ত আৰক্ষীৰ বিশেষ কক্ষ সদৰলৈ নিয়াৰ পাছত কেএলঅ' নেতাজনক গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ঠাইৰ সেনা ছাউনীলৈ নিয়া হয়— সেনা, অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীৰ কটকটীয়া নিৰাপত্তাত। লক্ষণীয়ভাৱে জীৱন সিংহক গুৱাহাটীত ৰাখি কে এল অ'ৰ বৈদেশিক সচিব, সাংস্কৃতিক সম্পাদক আদিৰ সৈতে শান্তি চুক্তি সম্পৰ্কৰ বিষয়ে আলোচনা কৰিছে আই বি আৰু ‘ৰ’ৰ বিষয়াসকলে। কিন্তু সেই আলোচনাৰ পৰা ৰহস্যজনকভাৱে জীৱন সিংহক আঁতৰাই ৰখা হৈছে। চৰকাৰৰ আলোচনাৰ পৰা কে এল অ'ৰ প্ৰধান জীৱন সিংহক ৰহস্যজনকভাবে আঁতৰাই ৰখা আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে বৃহস্পতিবাৰে কে এল অ’ আৰু কমতাপুৰ ৰাজ্য সন্দৰ্ভত দিয়া বক্তব্যই বিষয়টোত অধিক ৰহস্যৰ সৃষ্টি কৰিছে। ২৬ জানুৱাৰীৰ পূৰ্বে কে এল অ'ৰ শান্তি চুক্তি আৰু কমতাপুৰ ৰাজ্য গঠন হ'ব বুলি জীৱন সিংহই প্ৰেছ যোগে ৰাইজক জনাইছিল।কিন্তু শেহতীয়াকৈ কে এল অ’ৰ শান্তি আলোচনা প্রক্রিয়া আৰু চৰকাৰৰ স্থিতিয়ে সমগ্ৰ বিষয়টো ধূসৰ কৰি পেলাইছে। চৰকাৰৰ পদক্ষেপত নিৰাশ হৈ পৰিছে কোচ ৰাজবংশী ছাত্ৰ সন্থা । কে এল অ'ৰ প্ৰধান জীৱন সিংহই ১৯৯৫ চনৰ পৰা সশস্ত্ৰ সংগঠনৰ জৰিয়তে কমতাপুৰ ৰাজ্য পুনৰ উদ্ধাৰৰ বাবে সহিংস আন্দোলন কৰি আহিছে। তিনিটা দশকৰ পাছত জীৱন সিংহ সদলবলে মূলসুঁতিলৈ ঘূৰি অহাৰ পাছতো কে এল অ'ৰ সমস্যা শেষ নহ'ব বুলি একাংশ প্রাক্তন কে এল অ’ৱে আশংকা কৰিছে।এই কমতাপুৰ ৰাজ্য গঠনৰ প্ৰস্তাৱ চৰকাৰৰ প্রলোভন আছিল বুলিও বহুজনে সন্দেহ প্ৰকাশ  কৰিছে। কমতাপুৰ ৰাজ্য গঠন আৰু কে এল অ'ৰ শান্তি চুক্তি— এই দুয়োটাই চৰকাৰৰ ৰাজনৈতিক কৌশল বুলিও চর্চা চলিছে।

No comments