Breaking News

কাজিৰঙালৈ দেশৰ সৰ্বোচ্চ বেচৰকাৰী অসামৰিক সন্মান ' স্কচ ২০২২ '...



 ডিজিটেল ডেস্ক:..কাজিৰঙালৈ দেশৰ সৰ্বোচ্চ বেচৰকাৰী অসামৰিক সন্মান ' স্কচ ২০২২ '...বিশ্ব ঐতিহ্য ক্ষেত্র কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আগবঢ়োৱা হৈছে দেশৰ সৰ্বোচ্চ বেচৰকাৰী | অসামৰিক সন্মান স্কচ বঁটা । বনাঞ্চল সম্প্ৰসাৰণ , একত্ৰীকৰণ আৰু উন্নয়নৰ বাবে কৰা প্ৰশংসনীয় সেৱাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ এই বঁটা আগবঢ়োৱা হৈছে ।  বিগত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূৰ্বৰ সঞ্চালক পি শিৱকুমাৰ আৰু কাজিৰঙালৈ দেশৰ সৰ্বোচ্চ বেচৰকাৰী অসামৰিক সন্মান ‘ স্কচ ২০২২আগবঢ়োৱা হৈছিল.. বন সংমণ্ডল বিষয়া ৰমেশ কুমাৰ গগৈৰ অশেষ প্ৰচেষ্টাত ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালিৰ সৈতে নতুনকৈ অতিৰিক্ত সংযোজন ঘটাই বনাঞ্চল সম্প্ৰসাৰণ তথা ৰাষ্ট্ৰীয় উদ্যানৰ আন্তঃগাঁথনি যথেষ্ট উন্নয়ন কৰা হৈছিল ।  ১৯৯৭ চনৰ পৰা ভাৰতৰ আৰ্থ - সামাজিক উন্নয়নৰ বাবে স্কচ গ্রুপে কাম কৰি আহিছে । এই গ্রুপে ২০০৩ চনৰ পৰা দেশৰ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবে বিভিন্ন ব্যক্তি , প্রতিষ্ঠান , বিভাগ আৰু অনুষ্ঠানলৈ দেশৰ সৰ্বোচ্চ বেচৰকাৰী অসামৰিক সন্মান স্কচ বঁটা আগবঢ়াই আহিছে । স্কচ গ্ৰুপৰ তৰফৰ পৰা দিয়া এক ঘোষণাত বনাঞ্চলৰ উন্নয়ন শিতানত ২০২২ চনৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ স্কচ বঁটা প্ৰদান কৰা হৈছে । এই বঁটা লাভ কৰাৰ পাছত উৎফুল্লিত হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষৰ পৰা ধৰি সকলো বিষয়া - কৰ্মচাৰী ।

No comments