Breaking News

চীনৰ সৈতে থকা উত্তৰ সীমান্তৰ পৰিস্থিতি নিয়ন্ত্রণত আছে : সেনাপ্রধান জেনেৰেল পাণ্ডে



ডিজিটেল ডেস্ক: চীনৰ সৈতে থকা উত্তৰ সীমান্তৰ পৰিস্থিতি নিয়ন্ত্রণত আছে যদিও অনিশ্চিত উঃ - পূঃ অধিকাংশ ৰাজ্যলৈ শান্তি ঘূৰি আহিছে ,সেনাপ্রধান জেনেৰেল মনোজ পাণ্ডেই কয় যে , উত্তৰ - পূৰ্বাঞ্চলৰ অধিকাংশ ৰাজ্যলৈ শান্তি ঘূৰি আহিছে ।  বার্ষিক সেনা দিৱসৰ সংবাদমেলত জেনেৰেল পাণ্ডেই কয় যে ভাৰত আৰু চীনৰ মাজৰ সাতটা সমস্যাৰ ভিতৰত পাঁচটা নিষ্পত্তি কৰা হৈছে.. সাতটা সমস্যাৰ ভিতৰত পাঁচটা নিষ্পত্তি কৰিবলৈ আমি সক্ষম হৈছোঁ ।তেওঁ লগতে সষ্টম হৈ থকাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে আৰু কয় যে পাকিস্তান সীমান্ত ঠিকে আছে যদিও চুবুৰীয়া দেশখনে এতিয়াও সন্ত্রাসবাদী গোটবোৰ আৰু সন্ত্ৰাসৰ আন্তঃগাঁথনিবোৰলৈ সমৰ্থন অব্যাহত ৰাখিছে । সেয়ে আমি সষ্টম হৈ থাকিব লাগিব । তেওঁ কয় যে ইষ্টার্ন কমাণ্ডৰ বিপৰীতে চীনে এল এ চিত সৈন্যৰ সংখ্যা অলপ বৃদ্ধি কৰিছে যদিও সেনাই সূক্ষ্ম দৃষ্টি ৰাখিছে । জেনেৰেলজনে কয় যে চীনৰ সৈতে থকা এল এ চিৰ ওচৰৰ যোশীমঠ নগৰত মাটি বহি যোৱা ঘটনাৰ বাবে নগৰখন আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলবোৰৰ পৰা কিছুমান সৈন্যক স্থানান্তৰ কৰা হৈছে । তেওঁ কয় যে যোশীমঠৰ আশে - পাশে থকা ২০ টাৰো অধিক সামৰিক প্রতিষ্ঠানত সৰুৰ পৰা মজলীয়া ফাট মেলিছে ।প্রতি বছৰৰ ১৫ জানুৱাৰীত  সেনা দিৱস পালন কৰা হয় ।এই বাৰৰ সেনা দিৱস বিশেষ , কাৰণ এই বছৰ ভাৰতৰ স্বাধীনতাৰো ৭৫ সংখ্যক বাৰ্ষিকী আৰু ৰাষ্ট্ৰীয় ভৱিষ্যদৃষ্টিৰ সৈতে আমি সম্পূৰ্ণৰূপে একে শাৰীত আছোঁ । আমি ৰূপান্তৰ ঘটাবলৈ সিদ্ধান্ত লৈছোঁ । ” তেওঁ কয় যে ভাৰতীয় সেনাৰ আৰ্টিলেৰি ক'ৰত সোনকালেই মহিলা বিষয়াসকলক অন্তর্ভুক্ত কৰা হ’ব পাৰে । 

No comments