Breaking News

ৰংঘৰ- কাৰেংঘৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰি উৰুকাৰ পিছদিনা জ্বলাই দিয়া সংস্কৃতিৰ প্ৰতিয়েই অপসংস্কৃতি।


 ডিজিটেল ডেস্ক:মাঘ বিহুৰ প্ৰথম দিনা উৰুকাৰ নিশ সকলোৱে একেলগে এসাঁজ  খোৱাটো অসমৰ খিলঞ্জীয়া ৰাইজৰ  পৰম্পৰাৰ।  আগন্তুক মাঘ বিহু উপলক্ষে অসমৰ জাতি সংঘ অসম সন্মিলিত মহাসংঘই খিলঞ্জীয়া জনগণলৈ আন্তৰিক শুভেচ্ছা জনাই যিকোনো প্ৰকাৰে হাজাৰ বছৰীয়া  পৰম্পৰাগত সংস্কৃতি  ৰক্ষা কৰিবলৈ আহ্বান জনাইছে। যিকনো  প্রতিযোগিতাত নামি একাংশ  লোকে অসমৰ ইতিহাসৰ সাক্ষী ৰংঘৰ- কাৰেংঘৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰি উৰুকাৰ পিছদিনা পুৱাই জ্বলাই দিয়া দেখা যায়, এয়া নিজৰ সংস্কৃতিৰ প্ৰতিয়েই  অপসংস্কৃতি। অসম সন্মিলিত মহাসংঘৰ সভাপতি পেৰং চিৰি, কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান আৰু মহাসচিৰ পূৰ্ণানন্দ ৰাভাই এক প্ৰেছ টোকাত কয় যে ইতিহাসৰ পাতত ভেলাঘৰ আৰু মেজিৰ কোনো ন নিৰ্দিষ্ট আকাৰ উল্লেখ থকাৰ কোনো তথ্য নাই। ৰাইজে বাঁহ-খেৰেৰে ভেলাঘৰ নিৰ্মাণ কৰি উৰুকাৰ নিশা তাৰ ভিতৰত মাছ-মাংসেৰে উদৰ পূৰাই  সকলোৱে খায়। পুৱাই গা-পা ধুই বাঁহ-কাঠ আৰু খেৰেৰে নিৰ্মাণ কৰা মেজি জ্বলাই উত্তাপ লয়।আজি ১০ বছৰমানৰ পৰা বিভিন্ন ঠাইত  উৰুকাৰ পুৱা ঐতিহাসিক ৰংঘৰ-কাৰেংঘৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰি জ্বলাই দিয়া অপসংস্কৃতি আৰু অগ্নি পূজাৰ কাল্পনিক কার্য এটা গঢ় লৈ উঠিছে।  জনগোষ্ঠীৰ বয়সস্থসকলক এনে অপসংস্কৃতি বিৰুদ্ধে থিয় দি এই ধৰণৰ দুষ্কার্য বন্ধ কৰিবলৈ আহ্বান জনাইছে।

No comments