Breaking News

উত্তৰ প্ৰদেশৰ ইটাৱা জিলাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা।

 


ডিজিটেল ডেস্ক: 
সন্তানৰ মৃত্যু হোৱা পিছতো ঘৰলৈ যোৱাৰ বাবে ছুটী নোপোৱা এজন কনিষ্টবলে সন্তানৰ মৃতদেহ কঢ়িয়া‌ই জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ ঘটনাই চাঞ্চল্যকৰ সৃষ্টি কৰিছে । সন্তানৰ মৃত্যুৰ প্ৰমাণ দিবলৈ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ ওচৰলৈ মৃতদেহটো কঢ়িয়াই অনাৰ দৃশ্য ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে। ছনু চৌধুৰী নামৰ কনিষ্টবলজন ইটাৱা জিলাৰ বৈদপুৰা থানাত কৰ্মৰত হৈ আছিল। যোৱা ৭ জানুৱাৰীত কনিষ্টবলজনে অসুস্থ পত্নী  আৰু সন্তানৰ চোৱাচিতাৰ বাবে ছুটি  বিচাৰিছিল। পিচে ছুটি  লোৱাৰ আগতে  সন্তানটিৰ মৃত্যু হয়।

No comments