Breaking News

মিজোৰামত ভাৰত - ম্যানমাৰ সীমান্তত উত্তেজনা

 


ডিজিটেল ডেস্ক....
 মিজোৰামত ভাৰত - ম্যানমাৰ সীমান্তত উত্তেজনা....ম্যানমাৰৰ বিদ্রোহীৰ শিবিৰত ম্যানমাৰৰ সামৰিক বাহিনীৰ বিমান আক্ৰমণত ৫ জন নিহত , ১৫ জন আহত..ম্যানমাৰ সীমান্তৰ ওচৰৰ ম্যানমাৰৰ বিদ্রোহীৰ শিবিৰত ম্যানমাৰৰ সামৰিক বাহিনীয়ে  বিমান আক্রমণ চলোৱাৰ সময়ত মিজোৰামত ভাৰত - ম্যানমাৰ সীমান্তত উত্তেজনাৰ সৃষ্টি হয় ।স্থানীয় বাসিন্দাই দাবী কৰে যে এটা শ্বেল মিজোৰামৰ চম্পাই জিলাত পৰে । কিন্তু সেই দাবী খণ্ডন কৰি  অসম ৰাইফলছে কয় যে ম্যানমাৰৰ বিমান আক্ৰমণৰ কোনো প্রভাৱ ভাৰতৰ ফালে পৰা নাই । অসম ৰাইফলছৰ এজন বিষয়ায়ো সংবাদ প্রতিষ্ঠান পি টি আইক নিশ্চিত কৰে যে চুবুৰীয়া দেশখনত আন্তঃৰাষ্ট্ৰীয় সীমান্তত কেইবাটাও বিস্ফোৰণ হৈছিল ।। চম্পাই জিলাৰ উপায়ুক্তই কয় যে বিতং সত্যতা নিৰূপণৰ পাছত এটা বিবৃতি দিয়া হ'ব । চম্পাই জিলাৰ ফাৰকাওন গাঁও পৰিষদৰ সভাপতি লালৰামলিয়ানাই কয় যে মিজোৰামৰ ফালে থকা টিয়াও নদীৰ ওচৰত এটা বোমা পৈলোৱা হৈছিল । তেওঁ কয় যে বিস্ফোৰণত গাঁও পৰিষদৰ এজন সদস্যৰ এখন ট্ৰাকৰ ক্ষতি হয় ।  ম্যানমাৰৰ সামৰিক প্ৰশাসনে মঙলবাৰে চীন নেশ্যনেল আৰ্মিৰ চি এন এ সামৰিক মুখ্য কার্যালয় কেম্প ভিক্টোৰিয়াত বিমান আক্রমণ চলাইছিল । চি এন এ ম্যানমাৰৰ অন্যতম অতি শক্তিশালী  বিদ্রোহী গোট । মিজোৰামত চি এন এৰ এজন নেতাই নাম প্রকাশ নকৰাৰ চৰ্তত পি টি আইক কয় যে আক্ৰমণত দুগৰাকী মহিলাকে ধৰি পাঁচজন লোক নিহত হয় আৰু আন ১৫ জন লোক আহত হয় ।

No comments