Breaking News

১৪–১৯ জানুৱাৰীলৈ উত্তৰ ভাৰতৰ তাপমাত্রা মাইনাছ ৪ ডিগ্ৰীলৈ নামিব...



ডিজিটেল ডেস্ক:উত্তৰ ভাৰতত কম সময়ৰ বাবে তাপমাত্রা কম - বেছি হ'লেও ২০২৩ চনৰ জানুৱাৰী মাহৰ  এই সপ্তাহত  অঞ্চলটোৰ বাবে আটাইতকৈ বেছি শীতৰ মাহ হিচাপে পৰিগণিত হ'ব ।বতৰ বিজ্ঞানীসকলে অহা সপ্তাহত ভৈয়াম অঞ্চলৰ তাপমাত্রা মাইনাছ ৪ ডিগ্রী চেলছিয়াছলৈ নামিব বুলি মত প্ৰকাশ কৰিছে । অনলাইন রেডাৰ প্লেটফৰ্ম লাইভ ৱেডাৰ অব ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক নৱদীপ দাহিয়াই টুইট কৰে যে ১৪–১৯ জানুৱাৰীলৈ প্ৰচণ্ড শীত নামিব আৰু ১৬-১৮ জানুৱাৰীলৈ শীতৰ প্ৰকোপ অধিক চলিব । ( আই এম ডি ) কয় যে শনিবাৰৰ পৰা দিল্লী আৰু ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহত ঠাই বিশেষে শীত প্ৰৱাহ চলাৰ সম্ভাৱনা আছে । নবদীপ দাহিয়াই টুইটটোত কয় যে তাপমাত্রা ইমান বেছি কমিব পৰাৰ ভৱিষ্যদ্বাণী তেওঁৰ জীৱনত এয়ে প্রথম । তেওঁ লগতে কয় যে ২০২৩ চনৰ জানুৱাৰী মাহটো ঐতিহাসিকভাবে আটাইতকৈ বেছি শীতৰ মাহ হ'ব পাৰে ।

No comments