Breaking News

বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধানত গৱেষণা কৰি সত্যাসত্য নিৰূপণ কৰিবলৈ চৰকাৰক দাবী...

 


ডিজিটেল ডেস্ক...
বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধানত গৱেষণা কৰি সত্যাসত্য নিৰূপণ কৰিবলৈ চৰকাৰক দাবী....শৰাইঘাটৰ ৰণত বীৰ লাচিত বৰফুকনৰ সৈতে মোগলৰ বিৰুদ্ধে যুঁজ কৰা অন্যতম সেনাপতি বাঘ হাজৰিকা নামৰ কোনো চৰিত্ৰ নাই বুলি মুখ্যমন্ত্রী ড ° হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ তীব্র প্রত্যাহ্বান জনাইছে অসমৰ খিলঞ্জীয়া তথ্যসহকাৰে বাঘ হাজৰিকাৰ চৰিত্ৰটো সত্য বুলি দাবী কৰি বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধানত গৱেষণা কৰি সত্যাসত্য নিৰূপণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী কৰে।মুখ্যমন্ত্ৰীজনৰ বক্তব্যক আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ লক্ষ্যৰে ভোট বিভাজনৰ এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলিও সকলোৱে সমালোচনা কৰে। এখন সংবাদমেলত মেহদি আলম বৰাই অভিযোগ কৰে যে মুখ্যমন্ত্ৰীজনে হঠাতে বাঘ হাজৰিকাৰ অস্তিত্ব নস্যাৎ কৰা কাৰ্য ষড়যন্ত্রমূলক। তেওঁ নিৰ্বাচনক লক্ষ্য কৰি মুখ্যমন্ত্ৰীজনে হিন্দু আৰু মুছলমান সমাজক ভাগ ভাগ কৰাৰ লক্ষ্যৰে এই বিতৰ্কৰ সৃষ্টি কৰা বুলিও অভিযোগ উত্থাপন কৰে। আনহাতে, বাঘ হাজৰিকাৰ অস্তিত্ব আছে নে নাই সেয়া নিৰূপণ কৰিবৰ বাবে বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধানত বুৰঞ্জীবিদ আৰু বিশেষজ্ঞক লৈ এই সন্দৰ্ভত এখন বিশেষ সমিতি গঠন কৰি গৱেষণা কৰোৱাৰ প্রত্যাহবান জনায়। আই আই টি, গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আবু নাছেৰ চৈয়দ আহমেদে কয় যে অসমত আজিলৈকে বাঘ হাজৰিকাৰ অস্তিত্বক লৈ এনে বিতৰ্ক হোৱা নাছিল। মুখ্যমন্ত্ৰীজনে পোনপ্ৰথমবাৰৰ বাবে অভিসন্ধিমূলকভাৱে এই বিতৰ্ক কৰা বুলি তেওঁ অভিযোগ কৰে। । বিজেপি বা মুখ্যমন্ত্ৰীজনে ২০১৬ৰ নিৰ্বাচনত ইত্যু লৈছিল শৰাইঘাটৰ শেষ ৰণ। ২০২১ চনত শৰাইঘাটৰ ৰণ পৰিহাৰ কৰি ইছ্যু লৈছিল মোগলৰ আক্রমণ। কিন্তু ২০২৬ চনৰ নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰীজনে বাঘ হাজৰিকাৰ অস্তিত্বক লৈ বিতৰ্ক কৰি ইছ্যু হিচাপে লৈছে বুলি তেওঁ অভিযোগ কৰে। বাঘ হাজৰিকাৰ অস্তিত্বৰ বিতৰ্কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই অসমীয়া মানুহক ভাগ ভাগ কৰাৰ জাল পতা বুলিও তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে। বাঘ হাজৰিকাক নিঃচিহ্ন কৰাৰ চক্ৰান্ত পৰিহাৰ কৰাৰ বাবেও তেওঁ দাবী কৰে। ইফালে, উজনি অসম মুছলিম কল্যাণ পৰিষদৰ সম্পাদক ৰফিক হুছেইনে বাঘ হাজৰিকাই নিৰ্মাণ কৰা ঐতিহাসিক সম্পদৰ অস্তিত্ব এতিয়াও থকাৰ কথা উল্লেখ কৰি যদি বাঘ হাজৰিকাই নাছিল তেনেহ'লে তেওঁ নির্মাণ কৰা সম্পদ কেনেকৈ আহিল বুলি প্ৰশ্ন কৰে। তেওঁ বাঘ হাজৰিকাৰ বিতৰ্ক ত্যাগ কৰিবলৈ মুখ্যমন্ত্ৰীৰ মুখত সৰু সৰু কথাবোৰ শোভা নাপায়। তেৱোঁ বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধানত গৱেষণা সমিতি গঠন কৰি বাঘ হাজৰিকাক লৈ দুদিন পূর্বে মুখ্যমন্ত্ৰী ড° শৰ্মাই শৰাইঘাটৰ ৰণত মোগলৰ বিৰুদ্ধে বাঘ হাজৰিকাই যুঁজ দিয়া নাছিল বুলি মন্তব্য কৰিছিল। অসম বুৰঞ্জীৰ পৃষ্ঠাত বাঘ হাজৰিকাৰ কোনো চৰিত্ৰ নাই আৰু বুৰঞ্জীবিদে সন্দেহ প্ৰকাশ কৰা নাই । এয়া মাথোঁ কাল্পনিক বুলি তেওঁ কৈছিল।আজিৰ সংবাদমেলত প্ৰাক্তন মন্ত্ৰী চামচুল হুদা, অধ্যাপক আবু নাছেৰ চৈয়দ, পয়নুৰুদ্দিন আহমেদ, অসমীয়া মুছলিম পৰিষদৰ নুৰ মহম্মদকে ধৰি বাঘ হাজৰিকা গৱেষণা মঞ্চৰ কাজি নেকিব আহমেদে অসমীয়া খিলঞ্জীয়া মুছলমানৰ হৈ সম্বোধন কৰা সংবাদমেলত অভিযোগ কৰে যে হিন্দু-মুছলিম, মন্দিৰ- মছজিদ কৰাৰ লক্ষ্য বিজেপিৰ মুখ্যমন্ত্ৰীজনক প্ৰত্যাহ্বান জনাই খিলঞ্জীয়া মুছলমানে দাবী কৰে যে বুৰঞ্জীবিদ ভুবন চন্দ্ৰ সন্দিকৈৰ অসমৰ মুছলমান' গ্ৰন্থত বাঘ হাজৰিকাৰ কথা উল্লেখ আছে। শৰাইঘাটৰ যুদ্ধত ইছমাইল ছিদ্দিকি নামৰ এজন পালি সেনাপতি আছিল। যিজন সেনাপতিক স্বৰ্গদেৱে বাঘ হাজৰিকা উপাধি প্রদান কৰিছিল। ইমানে নহয়, বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ লেখাতো বাঘ হাজৰিকাৰ কথা উল্লেখ আছে। কিন্তু তাৰ পাছতো মুখ্যমন্ত্ৰীৰ এনে মন্তব্য ৰহস্যঘন বুলি তেওঁলোকে উল্লেখ কৰে।  বাঘ হাজৰিকাই মুখ্যমন্ত্ৰীজনলৈ আহ্বান জনাই কয় যে অস্তিত্ব নিঃচিহ্ন কৰিবলৈ মুখ্যমন্ত্ৰীজনে কৰা চেষ্টাৰ প্ৰত্যাহ্বান জনাই আজি ডিব্ৰুগড়ত বাঘ হাজৰিকাৰ দশম পৰিনতিয়ে বংশাৱলী প্রদর্শন কৰি মুখ্যমন্ত্ৰীৰ দাবী নস্যাৎ কৰে। 

No comments