Breaking News

উজনিৰ মানুহক অৱজ্ঞা কৰিছে বিজেপিয়েঃ ড ° দয়ানন্দ বৰগোহাঁই



ডিজিটেল ডেস্ক:
উজনি অসমৰ মানুহে ১২২৮ ৰ পৰা ১৮২৬ লৈকে অসমৰ স্বাধীনতা ধৰি ৰাখিছিল..আলাবৈ ৰণত একেদিনাই দহ হাজাৰ মানুহৰ মৃত্যু হৈছিল । এইখন চৰকাৰেই স্বীকৃতি দি ইয়াক ‘ ৱাৰ মে'মৰিয়েল ' কৰিছে । এইখন চৰকাৰৰ প্ৰতিনিধি হৈ বিগত নিৰ্বাচনত বৰাক উপত্যকাৰ পৰা মাত্র পাঁচজন আটাছুৰ নেতা বসন্ত গগৈ , বিশিষ্ট শিক্ষাবিদ তথা জাতীয়তাবাদী শিবিৰৰ নেতা ৰঞ্জিত তামুলীকে ধৰি বিজয় ৰাজকোঁৱৰ , আট্‌ছা , চুতীয়াকে আদি কৰি ছটা জনগোষ্ঠীৰ প্রতিনিধি উপস্থিত থকা সংবাদমেলখনত ড ’ বৰগোহাঁয়ে সমষ্টি নিৰ্ধাৰণ সন্দৰ্ভত লোৱা সিদ্ধান্তৰ সদৰ্ভত সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে । সিদ্ধান্ত প্ৰকাশ কৰি কয় যে সমষ্টি নিৰ্ধাৰণে উজনি অসমৰ তিনিটা সমষ্টি কৰ্তন কৰিছে । এই সমষ্টি নিৰ্ধাৰণ প্ৰক্ৰিয়াটোত ওলাই পৰিছে যে নির্বাচন আয়োগে ডিব্ৰুগড়ৰ লাহোৱাল কৰ্তন , মৰাণক নিঃশেষ কৰি নতুন সমষ্টিৰ নাম দিছে বৰবৰুৱা । ঠিক তেনেদৰে শিৱসাগৰ জিলাৰ মাহমৰা আঁতৰাই লাকুৱা কৰিছে । আমগুৰি সমষ্টি নাইকিয়া কৰিছে । লগতে গোলাঘাটৰ এটা সমষ্টি নাইকিয়া কৰিছে । উজনিত সমষ্টি নাইকিয়া কৰি শাসকপক্ষই ধুবুৰীত দুটা সমষ্টিৰ প্ৰস্তাৱ দিয়াৰ লগতে এটা সমষ্টি বৃদ্ধি কৰিবলৈ মৰিগাঁৱত প্ৰস্তাৱ দিছে । এই প্ৰক্ৰিয়াক লৈ আমি চিন্তিত হৈছোঁ । এনেদৰে উজনি অসমৰ পৰা সমষ্টি কৰ্তন কৰি নির্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণ যিদৰে কৰিব বিচাৰিছে ইয়াক আজিৰ সংবাদমেলে ব্যাপক আপত্তি জনাইছে আৰু এইটো কেতিয়াও হ'ব নোৱাৰে বুলি মত পোষণ কৰে । ইয়াৰ লগতে ড ° বৰগোহঁায়ে কয় যে কিয় শাসক পক্ষই এনেকুৱা কৰিবলগীয়াত পৰিল , ইয়াক এতিয়াও স্পষ্ট কৰা নাই । মাত্র শাসকপক্ষৰ পৰা কোৱা হৈছে যে খিলঞ্জীয়া জনগোষ্ঠীক সুৰক্ষা দিয়াৰ কাৰণে এনে পদক্ষেপ গ্রহণ কৰা হৈছে । ইয়াৰ লগতে কোৱা হৈছে যে অহা দুটা দশকলৈকে যদি সমষ্টিসমূহ এনেদৰে থাকে তেতিয়াহ'লে খিলঞ্জীয়া বাছি থাকিব । কিন্তু দুটা দশকৰ পিছত খিলঞ্জীয়াৰ কি হ'ব সেই উত্তৰ শাসকপক্ষই দিয়া নাই , কিন্তু আমি অনুভৱ কৰিছোঁ ।  সমষ্টি পুনৰ নিৰ্ধাৰণ ২০০১ চনৰ লোকপিয়ল মতে কৰা হৈছে । ইতিমধ্যে ২০১১ চনৰ লোকপিয়ল হৈ গৈছে । ২০২৬ চনত সমগ্ৰ ভাৰতবৰ্ষত সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব । শাসকপক্ষই ২০০১ চনৰ মতে ২ কোটি ৬৬ লাখ মানুহক লৈ সমষ্টি নিৰ্ধাৰণ কৰিব লৈছে । কিন্তু ২০১১ চনৰ লোকপিয়ল মতে , অসমৰ জনসংখ্যা হৈছে ৩ কোটি ৪৪ লাখ । ২০২১ চনৰ লোকপিয়লত আৰু বহুত জনসংখ্যা বৃদ্ধি হ'ব । কিন্তু চৰকাৰে নতুন লোকপিয়লক সমষ্টি নিৰ্ধাৰণ প্ৰক্ৰিয়াত সন্নিবিষ্ট নকৰি ২০০১ চনৰ লোকপিয়লক ভিত্তিবর্ষ হিচাপে লোৱাক লৈ আমি ৰহস্যৰ গোন্ধ পাইছোঁ বুলি গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে ড ° বৰগোহাঁয়ে প্ৰকাশ কৰে ।

No comments