Breaking News

জীৱনৰ ডায়েৰীত আৰু এটা নতুন অধ্যায়~ষোল্লতম খণ্ড

                 



মালবিকা শৰ্মা, ভুবনেশ্বৰ

         কৰ্ণাটকৰ মকৰ সংক্ৰান্তি ৰাজ্যখনে উদযাপনৰ বাবে সাজু হোৱাৰ সময়ত “এল্লু বেলা থিণ্ডু অলে মাথাদি” কানাড়া কথাষাৰ ইয়াৰে স্থানীয় লোকসকলৰ মুখে মুখে ঘুৰি থাকে। এই কথাষাৰৰ অৰ্থ হৈছে “তিল আৰু গুড়ৰ মিশ্ৰণ খাই ভাল কথা কোৱা”। ‘এল্লু বিৰোধু’ নামৰ এক গুৰুত্বপূৰ্ণ পৰম্পৰা অনুসৰি কৰ্ণাটকৰ মহিলা আৰু শিশুৱে ঘৰে ঘৰে গৈ চুপাৰিৰ টুকুৰা এটা, তিল আৰু গুড়ৰ মিশ্ৰণ আৰু কেৰামেলাইজড চেনিৰ পৰা তৈয়াৰী মিঠাই থকা প্লেট বিনিময় কৰে।  এই পৰম্পৰা সুখৰ ভাগ-বতৰা আৰু শান্তি প্ৰচাৰৰ প্ৰতীক হিচাপে মানা যায়। 

     মাঘী নামেৰেও জনাজাত এই উৎসৱৰ দিনটো সূৰ্য্যৰ পূজাৰ বাবে উৎসৰ্গা কৰা হয়। মকৰ সংক্ৰান্তিয়ে সৌৰচক্ৰ অনুসৰণ কৰে আৰু এইদৰে, প্ৰতি বছৰে প্ৰায় একেদিনাই এই পৰ্ব পালন কৰা হয়।  মকৰ ৰাশি বা মকৰ ৰাশিলৈ সূৰ্য্যৰ প্ৰৱেশ চিহ্নিত কৰি ১৪ জানুৱাৰীত মকৰ সংক্ৰান্তি  উদযাপন কৰা হয়। মকৰ সংক্ৰান্তিৰ সময়ত মানুহবোৰে নিজৰ ঘৰ চাফা কৰে, ঘৰৰ প্ৰৱেশদ্বাৰত আমপাত বান্ধি, নতুন কাপোৰ পিন্ধি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে।  কেৱল ঘৰতে নহয় মন্দিৰতো গৈ প্ৰাৰ্থনা কৰা হয়।

        মকৰ সংক্ৰান্তিৰ দিনা ৰাতিপুৱাই স্থানীয় মানুহবোৰে সাগৰৰ কাষলৈ গৈ সাগৰত স্নান কৰি নতুন কাপোৰ পিন্ধি পূজা-অৰ্চনা কৰে। দুপৰীয়া জ্ঞাতি কুটুম্বৰ সৈতে সাগৰৰ পাৰত বহি একেলগে খোৱা লোৱা কৰি ঘৰলৈ ফিৰে। মকৰ সংক্ৰান্তিৰ লগত জড়িত সামাজিক পৰম্পৰাসমূহ হ’ল- ৰঙীন সাজ-সজ্জা, গীত-নৃত্য, চিলা উৰুৱা, বনফায়াৰ, ৰংগোলী বনোৱা আৰু কেতিয়াবা আনকি কুস্তিও খেলা।  কৰ্ণাটকৰ আন এক যুগ পুৰণি পৰম্পৰা মানি মানুহবোৰে নিজৰ গৰু-ম’হক ৰংচঙীয়া সাজ-পোছাক আৰু ৰত্নেৰে সজাই লৈ জুইৰ ডাঙৰ গাঁত এটাৰ ওপৰেৰে জপিয়াই জপিয়াই পাৰ হ’বলৈ দিয়ে।  গৰু-ম’হৰ এই জনপ্ৰিয় পৰ্বটো স্থানীয়ভাৱে ‘কিচ্চু হাইছ’ডু’ নামেৰে জনাজাত।  এই ধৰনৰ কাৰ্য্যসূচীবোৰে আনন্দ আৰু আনন্দৰ পৰিৱেশৰ সৃষ্টি কৰে।

      মকৰ সংক্ৰান্তিৰ সময়ত সুস্বাদু খাদ্য তৈয়াৰ কৰা হয়।  পোংগল, সিজোৱা গাখীৰ আৰু চেনি মিহলি কৰা ভাতৰ ব্যঞ্জন এই উৎসৱত সকলোৰে ঘৰত প্ৰস্তুত কৰা খাদ্য।  আন আন উৎসৱমুখৰ খাদ্যসমূহৰ ভিতৰত নেমু আৰু অমিতাৰ চাউল, ভাদা, শাক-পাচলিৰ গ্ৰেভি আৰু পায়াছা (এবিধ মিঠা চাউলৰ পুডিং)। মকৰ সংক্ৰান্তি সাধাৰণতে ৩ৰ পৰা ৪ দিনলৈকে কৰ্ণাটকত পালন কৰা হয়, প্ৰতিটো দিনেই ইয়াৰ লগত জড়িত একাধিক আচাৰ-অনুষ্ঠান অনুষ্ঠিত হয়।(আগলৈ)

No comments