Breaking News

আসাম বিলাসিনীয়ে ডেৰশ বছৰ অতিক্ৰম কৰিবলৈ আগবাঢ়িছে



ডিজিটেল ডেস্ক: 
 আসাম বিলাসিনীয়ে ডেৰশ বছৰ অতিক্ৰম কৰিবলৈ আগবাঢ়িছে।আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড ° পীতাম্বৰ দেৱগোস্বামীৰ প্ৰচেষ্টাত , অসম তথা মাজুলীৰ বৌদ্ধিক মহলৰ সহযোগত অসমৰ সংবাদ জগতৰ বাটকটীয়া স্বৰূপ উক্ত কাকতখনৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপনৰ বাবে আগবাঢ়িছে আউনীআটী সত্ৰ।আউনীআটী সত্ৰৰ একাদশ সত্ৰাধিকাৰ প্ৰয়াত দেৱদত্ত দেৱগোস্বামীৰ প্ৰচেষ্টাত কলকাতাৰ পৰা হাতী আৰু জাহাজেৰে অনা ধৰ্মপ্ৰকাশ , যন্ত্ৰৰ দ্বাৰা প্ৰথমাৱস্থাত মাহেকীয়া পিছলৈ সাদিনীয়াকৈ প্ৰকাশ পোৱা আসাম বিলাসিনীয়ে ডেৰশ বছৰ অতিক্ৰম কৰিবলৈ আগবাঢ়িছে।জয়ন্তী উদযাপন সন্দৰ্ভত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ চ’ৰাত আউনীআটী সত্ৰৰ অধিকাৰ ড ° পীতাম্বৰ দেৱগোস্বামীৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । অহা জেঠ মাহৰ পূৰ্ণিমাত অৰ্থাৎ জুনৰ প্ৰথম সপ্তাহত দুদিনীয়া কাৰ্যসূচীৰে উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে । কাকতখনৰ ডেৰশ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি তিনিটা পৰ্যায়ত দেৱদত্ত দেৱগোস্বামীৰ আসাম বিলাসিনী , আসাম তাৰা আৰু আসাম দীপিকাৰ সংগৃহীত প্রতিলিপিৰ এখন গ্ৰন্থ , দেৱদত্ত দেৱগোস্বামীৰ ৰচনাৱলী , নাটক , গীত , পদ - শ্লোক , টোতয় ইত্যাদি প্ৰকাশৰ এখন গ্ৰন্থ আৰু দত্ত দেৱগোস্বামীক লৈ প্রবন্ধ সংকলিত এখন গ্ৰন্থ প্ৰকাশৰ সিদ্ধান্ত লয় । জয়ন্তীৰ প্ৰথমদিনা দিনজোৰা কাৰ্যসূচীৰে সত্ৰীয়া পৰম্পৰাৰে কাৰ্যসূচী কৰাৰ পিছত দ্বিতীয় দিনা দেবদত্ত দেৱগোস্বামীৰ নামত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হোৱাৰ লগতে তেওঁৰ অৱদানৰ সন্দৰ্ভত কুইজ তথা ৰচনা প্রতিযোগিতা , নৃত্য - গীত ইত্যাদি অনুষ্ঠিত হ’ব । এই সন্দৰ্ভত আউনীআটী সত্ৰৰ অধিকাৰ ড ° পীতাম্বৰ দেৱগোস্বামীয়ে কয় যে সত্ৰসমূহ প্রতিষ্ঠা হৈছিল জনকল্যাণৰ কাৰণে । ১৮৭১ চনতেই অৰুণোদয়ৰ সমসাময়িকভাৱে কলিকতাৰ পৰা ছপাশাল আনি তিনিখনকৈ যি বাতৰি কাকত প্ৰকাশ কৰিছিল আৰু শংকৰ - মাধৱৰ কীর্তন ঘোষা অমূল্য গ্রন্থসমূহ যিদৰে ছপা কৰিছিল। 

No comments