Breaking News

মহা মৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত নপামবাসী ৰাইজে নিৰ্মাণ কৰিলে ভেলাঘৰ

 


ডিজিটেল সংবাদ মেৰাপানী.....মেৰাপানীত ভোগালীক লৈ ব্যাপক উছাহঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ লগতে মেৰাপানীতো ভোগৰ ভোগালীক লৈ চলিছে ব্যাপক আয়োজন। হাঁহে-মাহে লগে ভাগে এসাঁজ খোৱাৰ বাবে সৰ্বত্ৰে ৰাইজে চলাইছে প্ৰস্তুতি। গাঁৱৰ আখলত এতিয়া মহিলা সকল ব্যস্ত পিঠা পনা বনোৱাত। সমান্তৰালভাৱে গাঁৱৰ ডেকা বুঢ়া সকল ব্যস্ত হৈ পৰিছে মেজি ভেলাঘৰ সঁজাত। মেৰাপানীৰ তৰানি নপাম গাঁৱতো স্থানীয় শতাধিক ৰাইজে ব‍্যতিক্ৰমী ৰূপত সাঁজি উলিয়াইছে নগাঁওৰ মহা মৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত ভেলাঘৰ। গাঁওখনৰ ডেৰ শতাধিক পৰিয়ালে একত্ৰিত ভাৱে এইবাৰ মহামৃত‍্যুঞ্জয় মন্দিৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মান কৰি লগে ভাগে আনন্দ উল্লাহৰে এসাঁজ খাবলৈ ৰাইজে দুদিনীয়াকৈ আয়োজন কৰিছে মাঘ বিহুৰ । সংক্ৰান্তীৰ দিনা অৰ্থাৎ ১৪ জানুৱাৰী পুৱাৰে পৰা ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিভিন্ন পৰম্পৰাগত খেল ধেমালীৰ লগতে নিশালৈ আয়োজন কৰিছে সাংস্কৃতিক সন্ধ‍্যা । সম্প্ৰতি আটক ধুনীয়াকৈ সজাই তোলা মহা মৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিৰ ভেলা ঘৰটোৱে দৃষ্টি আকৰ্ষণ কৰিছে ৰাইজৰ। 


No comments