Breaking News

চিৰাং ৰ বিজনীৰ বৰপথাৰত পুণৰ বন্যহস্তীৰ তাণ্ডৱ ,



 ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং ৰ বিজনীৰ বৰপথাৰত পুণৰ বন্যহস্তীৰ তাণ্ডৱ , বৰপথাৰ বজাৰত  সুলভ মূল্যৰ দোকানত প্ৰবেশ কৰি বিষ্ণুপুৰ  সমবায় সমিতিৰ দোকানী চন্দন কলিতাৰ  দোকান ভাঙি তহিলং বনৰীয়া হাতীৰ।চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বৰপথাৰ বজাৰত প্ৰবেশ কৰি যোৱা নিশাত বন্যহস্তীয়ে তাণ্ডৱ চলাই ।বৰপথাৰ বজাৰৰ সুলভ মূল্যৰ দোকানত প্ৰবেশ কৰি বিষ্ণুপুৰ  সমবায় সমিতিৰ  দোকানী চন্দন কলিতাৰ দোকানত  প্ৰবেশ কৰি  দোকান ভাঙি লণ্ড ভণ্ড কৰে । লগতে সুলভ মূল্যৰ দোকানৰ ১০ বস্তাতকৈ অধিক চাউল খাই বিনষ্ট কৰে বনৰীয়া হাতীয়ে ।বৰপথাৰস্থিত বিষ্ণুপুৰ সমবায় সমিতিৰ দোকানৰ ওচৰত থকা কেইবাজোপা তামোল গছ ভাঙি তহিলং কৰে বনৰীয়া হাতীয়ে । চাউৰাঙৰ ফৰেষ্ট বীট কাৰ্য্যল‌য়ৰ বনবিষয়া ,বনকৰ্মী সকলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ,বনকৰ্মী সকলক ফোন কৰিলেই ৰিচিভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীৰ লগতে বিষ্ণুপুৰ  সমবায় সমিতিৰ বৰপথাৰৰ  দোকানী চন্দন কলিতাই ।

No comments