Breaking News

মধ্য প্ৰদেশৰ ভূপালত অসমৰ বান আৰু গড়াখহনীয়া ব্যৱস্থাপনা সম্পৰ্কত বক্তব্য উপস্থাপন কৰে মন্ত্ৰী পীযূষ হাজৰিকাই


 ডিজিটেল ডেস্ক: মধ্য প্ৰদেশৰ ভূপালত কেন্দ্ৰীয় চৰকাৰৰ  জলশক্তি মন্ত্রী গজেন্দ্র সিং শ্বেখাৱত আৰু দেশৰ বহুকেইখন ৰাজ্যৰ জলসম্পদ, জনস্বাস্থ্য কাৰিকৰী, জলসিঞ্চন বিভাগৰ মন্ত্ৰী উপস্থিত থকা সন্মিলনখনত অসম চৰকাৰৰ হৈ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অংশগ্ৰহণ কৰিছে। সন্মিলনত বৃহস্পতিবাৰে অসমত বান নিয়ন্ত্রণ আৰু খহনীয়া নিয়ন্ত্ৰণ ব্যৱস্থাৰ বিষয়টো উপস্থাপন কৰে মন্ত্ৰী পীযূষ হাজৰিকাই কয় যে প্ৰতি বছৰে বানত আক্ৰান্ত অসমত ৰাজ্য চৰকাৰে নতুন প্ৰযুক্তিৰ সহায়ত বান নিয়ন্ত্ৰণৰ প্ৰয়াস কৰি আহিছে। এই ক্ষেত্ৰত নৰেন্দ্ৰ মোদী প্রধানমন্ত্ৰী হোৱাৰ আগত কেন্দ্ৰীয় চৰকাৰে  অসমক বান নিয়ন্ত্ৰণৰ প্ৰয়োজনীয় পুঁজিৰ পৰা বঞ্চিত কৰি ৰাখিছিল। কিন্তু প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিহিত কৰা 'অষ্টলক্ষ্মী'ৰ উন্নয়নৰ বাবে যোৱা প্রায় আঠ বছৰে বহুখিনি কৰিছে বুলি মন্তব্য  কৰে মন্ত্ৰী হাজৰিকাই। যোৱা বছৰত  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ  চেষ্টা  আৰু কেন্দ্ৰীয় জলশক্তি মন্ত্রী গজেন্দ্র সিং শ্বেখাৱতৰ বাবে অসমে দীৰ্ঘ সময়ৰ  অন্তত বান নিয়ন্ত্ৰণৰ পুঁজি লাভ কৰিবলৈ সক্ষম হৈছিল ইফালে  অসমে ভাৰতৰ বাকী উন্নত ৰাজ্যবোৰৰ সমানে সমানে আগবাঢ়ি যাবলৈ ৰাজ্যখনৰ জ্বলন্ত সমস্যা বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে আৰু অধিক সহায় কৰাৰ বাবে মন্ত্রীজনে উপস্থিত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰীক আহ্বান জনায়। মন্ত্ৰীজনৰ এই উপস্থাপনৰ সময়তে তেওঁ বান নিয়ন্ত্ৰণৰ বাবে অসমত জিঅ' টেক্সটাইলৰ  প্ৰযুক্তিৰ ব্যৱহাৰ কৰা আৰু পৰীক্ষামূলকভাৱে কৰা নদী খননৰ কথা বিশেষভাৱে উল্লেখ কৰে। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ৰ অধীনত, কেন্দ্ৰীয় জল মিছনৰ উদ্যোগত ভূপালত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা সন্মিলনখনৰ প্রথম দিনাৰ কাৰ্যসূচীত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী শ্বেখাৱতৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক জলশক্তি মন্ত্রী প্রহ্লাদ সিং পেটেলকে ধৰি দেশৰ বহুকেইখন ৰাজ্যৰ মন্ত্ৰী, উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে।

No comments