Breaking News

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বাহিৰলৈ ওলাই আহিছে প্রায় ১৩ টাকে গড়



ডিজিটেল ডেস্ক:
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বাহিৰলৈ ওলাই আহিছে প্রায় ১৩ টাকে গড় । ইয়াৰে তিনিটা আহি উপস্থিত হৈছেহি যোৰহাটত । ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ওলাই অহা এই গঁড়কেইটা ব্ৰহ্মপুত্ৰৰ বালিয়ে বালিয়ে আহি উপস্থিত হৈছেহি যোৰহাট আৰু মাজুলীত ।যোৰহাটত উপস্থিত হোৱা তিনিটা গঁড়ৰ দুটাই নিমাতীঘাটৰ ওচৰৰ এটা চাপৰিত বিচৰণ কৰি আছে ।  অন্যান্য দহটা গঁড় মাজুলীৰ বিভিন্ন চাপৰি আৰু ব্ৰহ্মপুত্ৰৰ কাষৰ বিভিন্ন অঞ্চলত বিচৰণ কৰি থকা বুলি বন বিভাগৰ সূত্রই জানিবলৈ দিছে । নিমাতীঘাটৰ ওচৰে পাঁজৰে বিচৰণ কৰি থকা গঁড় দুটা দিনে - নিশাই পহৰা দি আছে বন বিভাগে । আনহাতে মৰিয়নীৰ গিবন অভয়াৰণ্যত প্ৰৱেশ কৰা গঁড়টো যাতে অভয়াৰণ্যখনৰ বাহিৰলৈ ওলাই আহি ধোদৰ আলি অতিক্ৰম কৰি নগা পাহাৰৰ দিশেৰে যাব নোৱাৰে , তাৰ বাবে অভয়াৰণ্যখনেই বেৰি ৰাখিছে বন বিভাগে ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা  ১৩ টাকৈ গঁড়ৰ নিৰাপত্তাক লৈ উদ্বিগ্ন হৈ আছে বন বিভাগ ।  শীত কালত ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গড়ে যোৰহাট আৰু মাজুলীত উপস্থিত হোৱাটো নতুন কথা নহয় । কিন্তু ১৩ টাকৈ গঁড় একে সময়তে ৰাষ্ট্ৰীয় উদ্যানৰ বাহিৰলৈ ওলাই অহাৰ তথ্যই বন বিভাগৰ মাজতে সৃষ্টি কৰিছে চাঞ্চল্যৰ । ৰাষ্ট্ৰীয় উদ্যানখনত হোৱা খাদ্যৰ সমস্যাৰ বাবেই গঁড়কেইটা এনেদৰে বাহিৰলৈ ওলাই অহা বুলি সন্দেহ কৰা হৈছে ।এসপ্তাহ ধৰি ঢেঁকীয়াখোৱা , টীয়ক , ডাইনী গাঁও আদিত বিচৰণ কৰি আছে । নাহৰফুটুকী বাঘৰ চৰম উপদ্ৰৱ , বন্যহস্তীৰ ত্ৰাস তাৰ মাজতে তিনিটাকৈ গড়ে এইকেইদিন নিদ্ৰা হৰিছে বন বিভাগৰ ।। কিন্তু মৰিয়নীৰ গিবন অভয়াৰণ্যত প্ৰৱেশ কৰা গঁড়টো পুনৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰাই কেনেকৈ পঠোৱা হ’ব , তাক লৈ চিন্তিত হৈ পৰিছে বন বিভাগ ।  

No comments