Breaking News

প্ৰাক্তন সৈনিকলৈ উন্নত চিকিৎসা প্ৰদান অসম চৰকাৰৰ

 


ডিজিটেল ডেস্ক: মাতৃভূমিৰ বাবে  ত্যাগ কৰা সৈনিকসকলৰ প্ৰতি সন্মান জনায় বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাই  জনতা ভৱনত উপস্হিত হৈ মুখ্যমন্ত্ৰীৰ সভাকক্ষত অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগ আৰু এক্স ছাৰ্ভিচমেন কন্ট্রিবিউটেৰী হেল্‌থ্ ছাৰ্ভিচৰ গুৱাহাটী আঞ্চলিক কেন্দ্ৰৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে প্রাক্তন সেনাৰ লোকসকলে নগদবিহীন আৰু সীমাবিহীন উন্নতমানৰ চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হ'ব। এই বুজাবুজিৰ চুক্তিৰ ফলত ৮ খন চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত উন্নতমানৰ চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হ'ব।মুখ্যমন্ত্ৰী গৰাকীয়ে  কয় যে ২০২২ চনত প্ৰাক্তন সৈনিক আৰু প্ৰতিৰক্ষা বিভাগত কৰ্মৰত চাকৰিয়ালসকলৰ সন্তানৰ বাবে ৰাজ্য চৰকাৰে চিকিৎসা মহাবিদ্যালয়সমূহত আসনৰ সংখ্যা ৩ খনৰ পৰা ৯ খনলৈ বৃদ্ধি কৰিছে। মুখ্যমন্ত্রী শর্মাই লগতে কয় যে গান্ধী মণ্ডপত যোৱা ৭ ডিচেম্বৰত অনুষ্ঠিত কেবিনেট বৈঠকত ৰাজ্য চৰকাৰৰ চাকৰিৰ এ আৰু বি কেটেগৰীত দুই শতাংশ সংৰক্ষণৰ বাবেও সিদ্ধান্ত গ্রহণ কৰিছে।  প্ৰতিৰক্ষা বাহিনীত কৰ্মৰত লোক আৰু তেওঁলোকৰ পৰিয়ালক যথেষ্ট পৰিমাণে উপকৃত কৰিব। বৃহস্পতিবাৰে হৈ যোৱা  অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত, ইষ্টার্ন কমাণ্ডৰ জি অ’চি লেফটেনেণ্ট জেনেৰেল ৰাণা প্রতাপ কলিতায়ো নিজৰ বক্তব্য প্ৰদান  কৰে।

No comments