Breaking News

ভাৰত শ্ৰীলংকাৰ এদিনীয়া মেচৰ প্ৰস্তুতি... গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অহা ১০ জানুৱাৰীত এদিনীয়া শৃংখলাৰ প্রথমখন মেচ অনুষ্ঠিত হ'ব ।


ডিজিটেল ডেস্ক...
ভাৰত শ্ৰীলংকাৰ এদিনীয়া মেচৰ প্ৰস্তুতি... গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অহা ১০ জানুৱাৰীত এদিনীয়া শৃংখলাৰ প্রথমখন মেচ অনুষ্ঠিত হ'ব । ভাৰত আৰু শ্ৰীলংকাৰ মাজত হ'বলগীয়া দিবা - নৈশ এদিনীয়া মেচখনক লৈ অসম ক্রিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে সংবাদমেল সম্বোধন কৰি মেচখনৰ প্ৰস্তুতিৰ বিষয়ে জনায় ।৮ জানুৱাৰীত গুৱাহাটী পাবহি দুয়োটা দল আৰু তেওঁলোক থাকিব বৈডিছন ব্লু হোটেলত ।। তাৰ মাজত আছে বিৰাট কোহলী আৰু ৰোহিত শর্মাও । গুৱাহাটীত উপস্থিত হোৱাৰ পিছত ৯ জানুৱাৰীত দুয়োটা দলে বর্ষাপাৰাত অনুশীলন কৰিব বুলিও সংবাদমেলত সদৰী কৰে সভাপতি তৰংগ গগৈয়ে ।চলিত বছৰৰ শেষৰ পিনে ভাৰতত অনুষ্ঠিত হ'বলগীয়া বিশ্ব কাপৰ এখন খেল গুৱাহাটীত অনুষ্ঠিত হোৱাৰ সম্ভাৱনাও আছে বুলি জনায় সভাপতিগৰাকীয়ে । ভাৰতীয় দলৰ খেল অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আৰু সেয়ে বিশ্ব কাপৰ আগে আগে ষ্টেডিয়ামৰ সকলো মেৰামতিৰ কাম সম্পন্ন কৰি তোলা হ'ব ' , গগৈয়ে কয় । ইফালে , ভাৰত শ্ৰীলংকাৰ মাজত হ’বলগীয়া এদিনীয়া মেচখনৰ বাবে ১০ হাজাৰ টিকট ইতিমধ্যে বিক্ৰী হৈছে ।  ১০ হাজাৰ টিকট জিলাসমূহলৈ প্ৰেৰণ কৰা হৈছে । ১০ হাজাৰ টিকট এতিয়াও অসম ক্রিকেট সন্থাৰ হাতত আছে বুলি জানিবলৈ দিয়ে । 

No comments