Breaking News

শোণিতপুৰ জিলাৰ ভালুকপুঙৰ বাণ্ডুগুৰি গাঁৱত অঘটন।

 


ডিজিটেল ডেস্ক: 
এগৰাকী ছাত্ৰী  স্কুলৰ  পৰা ঘৰলৈ আহি থকা অৱস্থাত ৰাস্তাৰ  কাষত  পৰি থকা ডিট’নেটৰ ঘৰলৈ লৈ আহোঁতে বিস্ফোৰণ হয়।বিস্ফোৰণ ঘটি ছাত্ৰীগৰাকী গুৰুতৰভাৱে আহত হয়।আহত ছাত্ৰীগৰাকীক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হস্পিতেলত ভৰ্তি কৰোৱা হয়। শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসে জানিব দিয়া মতে বৃহস্পতিৰবাৰে  আবেলি  বাণ্ডুগুৰি গাঁৱৰ এগৰাকী প্ৰায় ১২ বছৰীয়া ছাত্ৰীয়ে বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত ৰাস্তাৰ কাষত  কেইবাটাও ডিট’নেটৰ পৰি থকা অৱস্থাত পাই ঘৰলৈ লৈ আনে। দাসে জনোৱা মতে ঘৰত আনি টেবুলত থোৱাৰ পিছত ডিট'নেটৰ দুটা বিস্ফোৰণ হৈ ছাত্ৰীগৰাকীৰ আঙুলি ছিগি যায়।  ছাত্ৰীগৰাকীক ততাতৈয়াকৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হস্পিতেলত ভৰ্তি কৰোৱা হয়। এই ডিট'নেটৰ চাৰিটা বৰ্তমানেও ছাত্ৰীগৰাকীৰ ঘৰতে আছে।  

No comments