Breaking News

ৰাজ্যত বন্ধ হ’ব পাৱাৰলুমৰ গামোচা



ডিজিটেল ডেস্ক:
 ৰাজ্যত বন্ধ হ’ব পাৱাৰলুমৰ গামোচা...  সমগ্ৰ ৰাজ্যত স্থাপন কৰিব ১০০ টা ক্রয় কেন্দ্র...ন্যূনতম সমর্থিত দামত ধান ক্রয় কৰি কৃষকক উৎসাহিত কৰি গ্ৰাম্য অর্থনীতি সবল কৰাৰ লক্ষ্য লোৱা ৰাজ্য চৰকাৰে শিপিনীক উৎসাহিত কৰিবলৈ গামোচা আৰু আৰনাই ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । | গামোচা আৰু আৰনাই ক্ৰয় কৰিবলৈ চৰকাৰে সমগ্ৰ ৰাজ্যখনত ১০০ টা ক্রয় কেন্দ্র স্থাপন কৰিব ।  হস্ততাঁত বস্তু বিভাগে  আমবাৰীত আয়োজন কৰা ' স্বনিৰ্ভৰ নাৰী ' শীর্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড ° হিমন্ত বিশ্ব শৰ্মাই অসমৰ বস্তু শিল্পক  অধিক আগুৱাই নি শিপিনীক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে । বিত্ত মন্ত্রী অজন্তা নেওগ , কৃষি মন্ত্ৰী অতুল বৰা , হস্ততাঁত বস্ত্ৰ বিভাগৰ মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্ম উপস্থিত থকা অনুষ্ঠানত মুখ্যমন্ত্রীয়ে কয় যে অসমৰ গামোচাক শদিয়াৰ পৰা ধুবুৰীত আবদ্ধ কৰি ৰাখিব নালাগে । প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ বৰসভাত গামোচাক প্ৰতিষ্ঠা কৰিছে । গামোচা লৈ বিশ্বৰ বৰসভাবোৰত ওলাই প্রধানমন্ত্রীয়ে গামোচাক প্ৰতিষ্ঠা কৰিছে ।  ধান ক্ৰয়ৰ পাছত গামোচা আৰু মাহজাতীয় শস্য ক্ৰয়ৰ বাবে ক্রয় কেন্দ্ৰ স্থাপন কৰাৰ পদক্ষেপ আগতে চৰকাৰে গ্ৰহণ কৰা নাছিল । প্ৰথমবাৰৰ বাবে হস্ততাঁত বিভাগে গামোচা আৰু আৰনা ক্ৰয় কৰাৰ দৰে ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে । । মুখ্যমন্ত্রীয়ে কয় যে গামোচাক বজাৰলৈ উলিয়াই নিবলৈ বিপণন ব্যৱস্থা কৰাৰ লগতে গামোচাৰ বজাৰ এখন তৈয়াৰ কৰিব লাগিব । থলুৱা বস্ত্ৰ শিল্পক উৎসাহিত কৰি উচিত দাম পাবলৈ চৰকাৰে ব্যৱস্থা ল’ব । মুখ্যমন্ত্ৰীয়ে কয় যে  পাৱাৰলুমৰ গামোচা বা মেখেলা , চাদৰ থাকিব নোৱাৰিব । এই অভিযানত উপায়ুক্ত , আৰক্ষী অধীক্ষকসকলে সহায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয় ।অসমৰ বস্তু শিল্পক প্রশংসা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে শ্ৰীমন্ত শংকৰদেৱে কোঁচ ৰজা নৰনাৰায়ণৰ আহ্বানত বৃন্দাৱনী বস্ত্ৰ প্ৰস্তুত কৰাইছিল । মহাত্মা গান্ধীয়েও অসমলৈ আহোঁতে অভিযান অসমৰ বস্তু শিল্পক প্রশংসা কৰিছিল । কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰেও অসমৰ বস্তু শিল্প দেখি বিমুগ্ধ হৈ পৰিছিল । মুখ্যমন্ত্রীয়ে কয় যে অসমৰ বস্তু শিল্প অতি পুৰণি । গামোচাৰ ইতিহাস কালিকা পুৰাণৰ পৰা জনা যায় । মুখ্যমন্ত্রী ড ° শৰ্মাই আজি গুৱাহাটীৰ কেইবাটাও নির্মীয়মাণ প্রকল্প পৰিদৰ্শন কৰে । গুৱাহাটীক স্মাৰ্ট চিটি হিচাপে গঢ় দিয়াৰ পদক্ষেপৰ অংশ হিচাপে ব্রহ্মপুত্র নদীমুখ প্রকল্প ৰূপায়ণৰ বাবে নিৰ্মাণ হৈ থকা ক্ষেত্ৰ পৰিদৰ্শন কৰে ।নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালক লগত লৈ আহোম স্বৰ্গদেউ শিৱসিংহই কেইবাশতিকা আগতে নিৰ্মাণ কৰা যোৰপুখুৰী আৰু ইয়াৰ সৈতে জড়িত ঐতিহাসিক গুৰুত্ব বজাই ৰাখি নিৰ্মাণ কৰা উদ্যান উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে । ৩.২৩ কোটি টকাৰে এই উদ্যানখন নিৰ্মাণ কৰা হৈছে ।অহা ছয় মাহৰ ভিতৰত প্ৰথম পৰ্যায়ৰ নিৰ্মাণকার্য সম্পূৰ্ণ হৈ উঠিব বুলি মুখ্যমন্ত্রীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে । এই উদ্যানখনত ২০০ বিধতকৈ ওপৰৰ বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু অৰ্কিডো সংৰক্ষিত হৈ থাকিব ।

No comments