Breaking News

গোলাঘাটৰ ধনশিৰি নদীত একাংশ দুষ্ট চক্ৰই বিহ ঢালিলে




ডিজিটেল ডেস্ক: 
মাঘ বিহুৰ উৰুকাৰ দিনটোৰ আগে আগে শুক্ৰবাৰে নিশা  ধনশিৰি নদীত একাংশ দুষ্ট চক্ৰই বিহ ঢালি দিয়াৰ ফলত নদীখনৰ বহু মাছ-কাছকে ধৰি জলজ প্রাণীৰ মৃত্যু হয়। এক সূত্রে জানিব পৰামতে নিশা প্ৰায় ১২ বজাত দুষ্ট চক্ৰটোৱে কাঠকটিয়াৰ পৰা বহু আগত নদীৰ পানীত বিষাক্ত দ্রব্য ঢালে আৰু পুৱতি নিশালৈকে মাছ ধৰি লৈ যায়।দুষ্কৃতিকাৰীয়ে বিহ দি মৰা মাছ গোলাঘাট, যোৰহাট আৰু নগাঁৱৰ বজাৰলৈ নি বিক্ৰী কৰে বুলি জানিব পৰা গৈছে। ধনশিৰি নদীত বিহ দিয়া কথাটো নতুন নহয়। প্ৰতিবছৰে নদীৰ পানীত বিহ দি জলজ প্রাণী নিধন কৰিয়েই আছে যদিও মীন-বন বিভাগে নেদেখাৰ ভাও ধৰি দুষ্কার্যক উৎসাহিত কৰি অছে।  উৰুকাৰ ভোজৰ লক্ষ্যৰে শুক্ৰবাৰে নিশা দুষ্কৃতিকাৰীয়ে বিহ দিলে যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই আজি পৰ্যন্ত নীৰৱতাহে প্ৰদৰ্শন কৰা দেখা গৈছে।এনে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে প্ৰশাসনে ব্যৱস্থা  ল'বৰ বাবে প্ৰকৃতিপ্ৰেমী ৰাইজে দাবী জনাইছে।


No comments