Breaking News

অসমত ২,০০০ কোটি টকা ব্যয় সাপেক্ষে এটা বেটাৰি সংৰক্ষণ প্রকল্প স্থাপন

 


ডিজিটেল ডেস্ক: 
অসমত প্রায় ২,০০০ কোটি টকা ব্যয় সাপেক্ষে  এটা বেটাৰি সংৰক্ষণ ২৫০ মেগাৱাটৰ এটা প্ৰকল্প স্থাপন কৰা হ'ব।প্রকল্প স্থাপনৰ বাবে চুক্তিবদ্ধ হৈছে অ' এন জি চি ত্ৰিপুৰা পাৱাৰ কোম্পানী লিমিটেড প্রতিষ্ঠানটোৱে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ সৈতে এক দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ কৰে। এই সন্দৰ্ভত  কোম্পানীটোৰ শীৰ্ষ সূত্রই জানিবলৈ দিয়ামতে অসমত এই প্ৰকল্পটো স্থাপনৰ নামত প্রায় ২,০০০ কোটি টকা  ব্যয় কৰা হ'ব।২০১৪ চনৰ পৰা অসমলৈ শক্তি যোগানৰ ক্ষেত্ৰত 'অ' টি পি চিয়ে গুরুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। নতুন প্ৰকল্পটো স্থাপনৰ জৰিয়তে অসমত শক্তি খণ্ডৰ বিকাশ সাধন হোৱাৰ লগতে নিযুক্তিৰ সুবিধা আৰু স্থানীয় উদ্যোগীসকলক ব্যবসায় শক্তিশালী কৰাত সহায় কৰিব।  এই প্রকল্পই সেউজ শক্তি আৰু কার্বনমুক্ত শক্তিৰ ব্যৱহাৰেৰে সামাজিক আৰু অর্থনৈতিক উন্নয়ন সম্ভৱ কৰি তুলিব।  অ' জি চি আৰু গেইল ইণ্ডিয়া লিমিটেডৰ সৈতে ত্ৰিপুৰা চৰকাৰে যৌথভাবে এই অ' টি পি চি প্রতিষ্ঠানটো স্থাপন কৰে। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত শক্তিৰ যোগান বৃদ্ধি কৰাত গুরুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে এই প্রতিষ্ঠানটোৱে। পৰিচালন সঞ্চালক ছানিল চি নাম্বুডিৰিপাদে কয় যে অসমত স্থাপন হ'বলগা এই প্ৰকল্পই ৰাজ্যখনৰ পুনৰব্যৱহাৰযোগ্য শক্তি খণ্ডক অত্যাধুনিক ৰূপ দিবলৈ সক্ষম হ'ব।

No comments