Breaking News

১১৮.৫ বিলিয়ন ডলাৰ মূল্যৰ চীনা সামগ্রী আমদানি...



ডিজিটেল ডেস্ক:...প্রধানমন্ত্ৰীৰ ‘ আত্মনিৰ্ভৰ ভাৰত’ৰ শ্ল'গান অসাৰ... চীনৰ পণ্যৰ আমদানিৰ অভিলেখ ভংগ ১১৮.৫ বিলিয়ন ডলাৰ মূল্যৰ চীনা সামগ্রী আমদানি....মেক ইন ইণ্ডিয়া আদি শ্ল'গানেৰে দেশক আগুৱাই নিবলৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে জনোৱা আহ্বানে বিশেষ ফল ধৰা পৰিলক্ষিত হোৱা নাই । বিশেষকৈ লাডাখৰ সংঘাতৰ পিচত চীনৰ পণ্য বর্জন কৰিবলৈ দেশবাসীক বাৰম্বাৰ আহ্বান জনোৱাৰ পিচতো ৰঙা চীনৰ সামগ্ৰী ভাৰতলৈ আমদানি হ্রাস পোৱাৰ সলনি বৃদ্ধি পাইছে অভাবনীয় হাৰত ।  ২০২২ বৰ্ষৰ তথ্যত এই উদ্বেগজনক ছবিখন পোহৰলৈ আহিছে । বিদায়ী বৰ্ষটোত চীনৰ পৰা আমদানি কৰা সামগ্ৰীৰ মূলাই এশ বিলিয়ন মার্কিন ডলাৰ অতিক্ৰম কৰে । ২০২২ বৰ্ষটোত চীনৰ পৰা ভাৰতলৈ আমদানিকৃত পণ্যৰ মূল্য আছিল ১১৮.৫ বিলিয়ন মার্কিন ডলাৰ । অথচ আগৰ বৰ্ষটোত ( ২০২১ ) সেই পরিমাণ আছিল ৯৭.৫ বিলিয়ন মার্কিন ডলার । মাত্ৰ এটা বছৰত দেশখনলৈ চীনা সামগ্ৰীৰ আমদানিৰ পৰিমাণ ২১ শতাংশ বৃদ্ধি পায় । ইয়াৰ বিপৰীতে ভাৰতৰ ৰপ্তানিৰ পৰিমাণ  আছিল নগণ্য ।  ২০২১ ৰ তুলনাত ২০২২ বৰ্ষত চীনলৈ ভাৰতৰ সামগ্ৰী ৰপ্তানিৰ পৰিমাণ হ্রাস পায় ।তথ্য অনুসৰি ২০২১ বৰ্ষত চীনলৈ ৰপ্তানির পরিমাণ আছিল ২৮.১ বিলিয়ন মার্কিন ডলাৰ । ২০২২ বৰ্ষত সেই ৰপ্তানি ১৭.৪৮ বিলিয়নলৈ হ্রাস পায় ।  এতিয়াও এনে বহু চীনা সামগ্রী আছে , যিবোৰৰ ভাৰতত উৎপাদন ( প্রস্তুত ) হোৱা নাই ।সেয়ে ভাৰতে মেক ইন ইণ্ডিয়া আৰু আত্মনির্ভৰ ভাৰত আদিৰ নামত বিপুল পৰিমাণৰ ধন ব্যয় কৰাৰ পিচতো চীনৰ সামগ্ৰী বর্জন বা চীনৰ সামগ্ৰীৰ ওপৰত নিৰ্ভৰতা ৰোধ কৰা সম্ভৱ হৈ উঠা নায়..

No comments