Breaking News

বকলীয়াঘাটত ৰংবং তেৰাঙৰ আবক্ষ মূর্তি উন্মোচন ভাস্কর্য শিল্পী বীৰেন সিংহক ৰংবং তেৰাং সমন্বয় বঁটা প্ৰদান

 


ডিজিটেল ডেস্ক....বকলীয়াঘাটত ৰংবং তেৰাঙৰ আবক্ষ মূর্তি উন্মোচন.... ভাস্কর্য শিল্পী বীৰেন সিংহক ৰংবং তেৰাং সমন্বয় বঁটা প্ৰদান...বকলীয়াঘাটৰ ' চিংথুৰ ' প্ৰকাশনৰ উদ্যোগত ২০১৭ চনৰ পৰা ' ৰংমিলিৰ হাঁহি’ৰ স্ৰষ্টা পদ্মশ্ৰী ৰংবং তেৰাঙৰ পবিত্ৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি ১৩ জানুৱাৰীৰ দিনটোত ‘ ৰংবং তেৰাং সমন্বয় বঁটা প্ৰদান কৰি অহা হৈছে । এইবাৰ বিশিষ্ট চিত্ৰ আৰু ভাস্কর্য শিল্পী বীৰেন সিংহক  বকলীয়াঘাটত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় । এই বঁটাৰ সৈতে শিল্পীগৰাকীক কাৰ্বি পহ ’ , কাৰ্বি জেকেট , কাৰ্বি মোনা , নগদ ধন , কাৰ্বি শ্বল আৰু জাম্বলী আথনেৰে সন্মানিত কৰা হয় । অনুষ্ঠানত উপস্থিত থাকি পদ্মশ্রী ৰংবং তেৰাং আৰু বঁটাপ্রাপক বীৰেন সিংহই  বক্তব্য আগবঢ়ায় । ৰংবং তেৰাঙৰ জন্মদিনৰ লগত সংগতি ৰাখি বকলীয়াঘাটত ৰংবং তেৰাঙৰ আবক্ষ মূর্তি এটাও উন্মোচন কৰা হয় । চিত্রশিল্পী বীৰেন সিংহই আবক্ষ মূৰ্তিটো উন্মোচন কৰে ।অসম তথা উত্তৰ - পূৰ্বাঞ্চলৰ সাহিত্য - সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে একোগৰাকী ব্যক্তিলৈ এই বঁটা আগবঢ়োৱা হয়  আনহাতে এই সভাতে কেইবাগৰাকীও লেখকৰ ৯ খন গ্ৰন্থ উন্মোচন কৰা হয় । সেইবোৰ হৈছে জোনাক ফুকনৰ কাব্যপুথি ‘ এনিগমা ’ , বর্ণালী শইকীয়াৰ অণুগল্প ‘ জিলিঙনি ’ আৰু গল্পপুথি ‘ ৰং ৰং নানা ৰং ’ , পূর্ণিমা গগৈ বৰুৱাৰ গল্পপুথি ‘ উপহাৰ ' , অলকা বাঠাৰীৰ কবিতা পুথি ‘ প্ৰতিশ্ৰুতি ’ , ভৃগুৰাম য়েইনৰ কবিতা পুথি ‘ কেতেকী ’ , হিতেন কুমাৰ নাথৰ ‘ উৰুলী ’ , চন্দ্ৰছিং তেৰাঙৰ কবিতা পুথি ‘ প্রভাতী পখী ’ আৰু ৰংবং তেৰাঙৰ একমাত্ৰ সামাজিক নাট ‘ ৰূপলীন ' । অনুষ্ঠানত অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্রধান সম্পাদক ড ° উপেন্দ্রজিৎ শৰ্মা , কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি হৰিমোহন জিদুং , কার্যবাহী সদস্যদ্বয় মংগলছিং তিমুং আৰু মধুৰাম লেকথে , ৰমেশ ডেকা , ভৱেন কোচ , ভৱপ্ৰসাদ দেউৰী আৰু পবিত্ৰ বৰাকে ধৰি আন বহুকেইগৰাকী বিশিষ্ট কবি - সাহিত্যিক উপস্থিত থাকে ।

No comments