Breaking News

ৰাজ্যত জলজীৱন আঁচনিৰ ৭৮৯৮ টা প্ৰকল্পৰ কাম ২৬৮০ টা প্ৰকল্পৰ এশ শতাংশ সম্পূর্ণ



ডিজিটেল ডেস্ক:ৰাজ্যত জলজীৱন আঁচনিৰ ৭৮৯৮ টা প্ৰকল্পৰ কাম ২৬৮০ টা প্ৰকল্পৰ এশ শতাংশ সম্পূর্ণ ৩৭১১ টাৰ ৬০ শতাংশ , ১১৯৭ টাৰ ২০ শতাংশ কাম সম্পূর্ণ : ১৩৮ টাৰ ২০ শতাংশৰ ভিতৰত আৰু ১৭২ টা প্ৰকল্পৰ কাম এতিয়াও আৰম্ভ হোৱা নাই....ৰাজ্যত ৰূপায়ণ হৈ থকা বিশুদ্ধ খোৱা যোগানৰ বৃহৎ আঁচনি জলজীৱন মিছনৰ এতিয়ালৈ প্ৰায় ২৬৮০ টা প্ৰকল্পৰ ৰূপায়ণ এশ শতাংশ সম্পন্ন হৈছে । ৰাজ্যখনত জনজীৱন আঁচনিৰ ৭৮৯৮ টা প্ৰকল্প গ্ৰহণ কৰা হৈছিল আৰু ইয়াৰে ২৬৮০ টা প্ৰকল্পৰ এশ শতাংশ ৰূপায়ণ হোৱাৰ বিপৰীতে ৩৭১১ টা প্ৰকল্পৰ ৬০ শতাংশতকৈ অধিক , ১১৯৭ টা প্ৰকল্পৰ ২০ শতাংশতকৈ অধিক আৰু ১৩৮ টা প্ৰকল্পৰ ২০ শতাংশৰ ভিতৰত ৰূপায়ণ সম্ভৱ হৈ উঠিছে । অৱশ্যে তাৰ মাজতেই ১৭২ টা প্ৰকল্পৰ কাম এতিয়াও আৰম্ভ হ'বলৈ বাকী আছে । জানিব পৰা মতে , বৰাক ওদালগুৰি জিলাত ৰাজ্যৰ ভিতৰতেই সৰ্বাধিক ২৭২ টা প্ৰকল্পৰ ৰূপায়ণ সম্ভৱ হৈ উঠিছে । জিলাখনত আঁচনিখনৰ মুঠ প্ৰকল্পৰ সংখ্যা হ’ল ৩৯১ টা । ইফালে বৰাক উপত্যকাৰ কাছাৰ জিলাতো অগ্রগতি আন জিলাসমূহৰ ভিতৰত সন্তোষজনক । জিলাখনত ৮০১ টা প্ৰকল্পৰ ভিতৰত ২২২ টা প্ৰকল্পৰ ৰূপায়ণ সম্ভৱ হৈছে । ইফালে গোৱালপাৰাত ২৬৫ টা প্ৰকল্পৰ ভিতৰত ২১৪ টা , নগাঁৱত ৪৪১ টা প্ৰকল্পৰ ভিতৰত ১৫৪ টা , কৰিমগঞ্জত ৩২৫ টা প্ৰকল্পৰ ভিতৰত ১৪১ টা , দৰঙত ২০৭ টা প্ৰকল্পৰ ভিতৰত ১০৩ টা , ডিমা হাছাওত ১৭৫ টা প্ৰকল্পৰ ১২৯ টা , গোলাঘাটত ৩৮৬ টা প্ৰকল্পৰ ১৪৩ টা , হোজাইত ১২৬ টা প্ৰকল্পৰ ১০০ টা , কামৰূপত ৭০২ টা প্ৰকল্পৰ ১৭০ টা , শোণিতপুৰত ৩১৪ টা প্ৰকল্পৰ ভিতৰত ১৮১ টাৰ ৰূপায়ণ সম্ভৱ হৈছে... বিভাগৰ মতে ২০২৬ চনৰ পূৰ্বে ৰাজ্যখনৰ প্ৰতিখন জিলাত আঁচনিখনৰ এশ শতাংশ ৰূপায়ণ সম্ভৱ কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । শেহতীয়াকৈ বিভাগটোৰ মন্ত্ৰী সলনি হোৱাৰ পাছত অতি কম পৰিমাণৰ কাম হোৱা চিৰাং , মাজুলী , মৰিগাঁও , দক্ষিণ শালমাৰা আজি জিলাসমূহতো প্রকল্পসমূহ নিৰ্মাণৰ কাম - কাজে গতি লাভ কৰিছে । প্রকল্প ৰূপায়ণৰ এই ধাৰা অব্যাহত থাকিলে হয়তো ২০২৫ চনৰ ভিতৰতেই অধিকসংখ্যক কাম সম্পূর্ণ হৈ উঠিব বুলি  আশা কৰিছে

No comments