Breaking News

ভাৰতৰ প্ৰথম নদী ক্ৰুজ ‘এম ভি গংগা বিলাস’ৰ কৰে শুভাৰম্ভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

 


ডিজিটেল ডেস্ক: দেশৰ নদী পৰ্যটনৰ ক্ষেত্ৰত এক ন অধ্যায়ৰ সূচনা কৰি  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰ্চুৱেলী  বিশ্বৰ আটাইতকৈ দীঘল নদীভ্ৰমণ এম ভি গংগা বিলাসৰ শুভাৰম্ভ  কৰাৰ  লগতে প্রধানমন্ত্রীয়ে ১,০০০ কোটিতকৈও অধিক মূল্যৰ কেইবাটাও অভ্যন্তৰীণ জলপথ প্ৰকল্পৰ শুভ উদ্ঘাটন  আৰু আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে বাৰাণসীত আয়োজিত মূল অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু গুৱাহাটীৰ পাণ্ডু বন্দৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে।  প্রধানমন্ত্রীয়ে  ৬ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটীত নিৰ্মাণ কৰা সামুদ্রিক দক্ষতা বিকাশ কেন্দ্ৰটো উদ্ঘাটন  কৰাৰ লগতে পাণ্ডুত ২০৮ কোটি টকা ব্যয় সাপেক্ষে জাহাজ মেৰামতি কেন্দ্র আৰু ১৮০ কোটি টকা ব্যয়েৰে ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ কৰি নির্মাণ কৰিবলগীয়া পাণ্ডুৰ মাল্টি মডেল টার্মিনেল সংযোগী এলিভেটেড পথৰো আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত প্রধানমন্ত্রী মোদীয়ে ভাষণত কয় যে— ভাৰতৰ সভ্যতা-সংস্কৃতিৰ সৈতে নদীসমূহ সংপৃক্ত হৈ আছে। আমাৰ উৎসৱসমূহতো নদীৰ ভূমিকা অপৰিসীম। নদীৰ অপাৰ শক্তি-সম্ভাৱনাক হৃদয়ংগম কৰিয়েই নদীপথ সম্পর্কীয় প্রকল্পসমূহ ত্বৰান্বিত কৰাত আমি বিশেষ গুৰুত্ব আৰোপ কৰিছোঁ। আনহাতে, গংগা বিলাসৰ প্ৰথম যাত্ৰাত ভ্ৰমণ কৰি থকা বিদেশৰ পৰ্যটকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় – এই যাত্ৰাই ভাৰতবৰ্ষক নতুনকৈ আৱিষ্কাৰ কৰাত আপোনালোকক সহায় কৰিব। আধ্যাত্মিকতামুখী পর্যটকসকলে কাশী, বুদ্ধগয়া, বিক্রমশীলা, পাটনা চাহিব আৰু মাজুলীৰ দৰে স্থানসমূহলৈ গৈ শাস্তি আৰু আধ্যাত্মিকতাৰ সন্ধান পাব। বহুজাতিক ক্রুজ সেৱাৰ অভিজ্ঞতা বিচাৰি থকা পর্যটকসকলে ভাৰতৰ উপৰি বাংলাদেশৰ ঢাকা হৈ যোৱাৰ সুযোগ লাভ কৰোঁতে বিভিন্ন আকর্ষণীয় পর্যটনস্থলী উপভোগ কৰিব পাৰিব আৰু ভাৰতৰ প্রাকৃতিক তথা জৈৱ বৈচিত্র্য চাব বিচৰাসকলে সুন্দৰবন আৰু অসমৰ কাজিৰঙাকে ধৰি মনোৰম অৰণ্যৰ মাজেৰে পাৰ হওঁতে বিচিত্ৰ অভিজ্ঞতা বুটলিব পাৰিব। প্ৰধানমন্ত্রীয়ে জানিবলৈ দিয়ে যে ২০১৪ চনত দেশত মাত্ৰ ৫টা ৰাষ্ট্ৰীয় জনপথ আছিল, তাৰ বিপৰীতে এতিয়া দেশত ১১১টা ৰাষ্ট্ৰীয় জলপথ আছে আৰু ইতিমধ্যে প্রায় দুই ডজন জলপথ কাৰ্যকৰী হৈ আছে। একেদৰে, ৮ বছৰ আগৰ তুলনাত এতিয়া নদীপথৰ জৰিয়তে কার্গ' পৰিবহণ ৩ গুণ বৃদ্ধি হৈছে।  অনুষ্ঠানত উদ্বোধনী ভাষণ প্রদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় – প্রধানমন্ত্রী মোদীৰ দূৰদৰ্শী নেতৃত্বত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত নতুন দিগন্তৰ সূচনা হৈছে। দেশৰ অভ্যন্তৰীণ জলপথক পুনৰুজ্জীৱিত কৰাৰ বাবে প্রধানমন্ত্ৰীক আন্তৰিক ধন্যবাদ জনাই সোণোৱালে লগতে কয় যে আন্তৰাষ্ট্ৰীয় বাণিজ্য পথসমূহলৈ মসৃণভাবে যাত্ৰা কৰাৰ বাবে আমি দেশৰ অভ্যন্তৰীণ জলপথসমূহক উপযোগী কৰি তুলিব লাগিব। পাণ্ডত অনুষ্ঠিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক দেশৰ বিকাশ আৰু উন্নয়নৰ ইঞ্জিন হিচাপে পৰিগণিত কৰাৰ উদ্দেশ্যে প্রধানমন্ত্রী মোদীয়ে লোৱা একাধিক পদক্ষেপৰ বাবে তেওঁৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ পর্যটন ক্ষেত্ৰখনৰ প্ৰকৃত সম্ভাৱনাক বিকশাই তোলাৰ দিশত এম ভি গংগা বিলাসে সহায় কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত অঞ্চলটোলৈ বিদেশী পৰ্যটকৰ আগমন বৃদ্ধি পাব। 

No comments