Breaking News

দেশৰ জনপ্ৰিয় টিভি এংকৰসকলৰ সময় চুটি হৈ আহিছে।

 


ডিজিটেল ডেস্ক:   উচ্চ-বাচ্য কৰা, হাত-মূৰ জোকাৰি উগ্রমূৰ্তি ধাৰণ কৰা, দর্শকলৈ আঙুলি টোৱাই কথা কোৱা, মুখ বিকটাই চকু পকাই ধৰা এনে ধৰণৰ আচৰণ কৰা । ঘৃণাৰ মন্তব্য সম্পর্কীয় এখন আবেদনৰ শুনানি অনুষ্ঠিত কৰি দেশৰ উচ্চতম ন্যায়ালয়ে টিভিৰ অনুষ্ঠানত আলোচনাৰ বিষয়টোত নিজে এটা অংশ হৈ ঘৃণা-বিদ্বেষভৰা মন্তব্য পক্ষপাতদুষ্ট টি ভি এংকৰক কৰা এংকৰ পাৰ্ছনসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ   ছুপ্রিম ক'ৰ্টে শুক্ৰবাৰে  দেশৰ টিভি চেনেলসমূহৰ নিয়ন্ত্রক সংস্থা 'নিউজ ব্রডকাষ্টাৰ্ছ এণ্ড ডিজিটেল এছ'চিয়েচন'ক নির্দেশ দিয়ে। ন্যায়াধীশ কে এম যোছেফ আৰু বি ভি নাগৰত্নৰ বিচাৰপীঠে কয়— সকলো টি আৰ পিৰ দ্বাৰা পৰিচালিত হৈছে। চেনেলসমূহে এটাই আনটোৰ বিৰুদ্ধে প্রতিযোগিতাত নামিছে।  তোমালোকে সমাজত বৈষম্য সৃষ্টি কৰিছা। আমাৰ দৰ্শক এইবোৰ বিষয়বস্তু বুজি পাব পৰাকৈ পৰিপক্ক হয় জানো?” ‘এন বি ডি এছ'ক পক্ষপাতদুষ্ট হ’ব নালাগে বুলি সকীয়নি দি   বিচাৰপীঠে কয় যে আপত্তিজনক মন্তব্য কৰা এংকৰৰ ভাষ্যৰ সম্প্ৰচাৰ বন্ধ কৰি দিব লাগে আৰু অনুষ্ঠানৰ বিধি ভংগ কৰা চেনেলসমূহক জৰিমনা বিহিব লাগিব বুলিও বিচাৰপীঠে পৰমাৰ্শ দিয়ে। শেহতীয়াকৈ এয়াৰ ইণ্ডিয়াৰ এগৰাকী যাত্ৰীয়ে আসনত প্ৰস্ৰাৱ কৰা বাতৰিটো পৰিবেশনত ব্যৱহাৰ কৰা শব্দও আশালীন বুলি কৈ কঠোৰ সকীয়নি দিয়ে আৰু কয়— প্ৰত্যেক ব্যক্তিৰে মৰ্যাদাৰ অধিকাৰ আছে, কোনো লোকক ৰাজহুৱাকৈ অপমান কৰিব নোৱাৰি।  টিভিৰ এংকৰে কৰা ঘৃণা আৰু প্ৰৰোচনামূলক মন্তব্যৰ বিৰুদ্ধে ধৰম কৰা এখন আবেদনৰ শুনানি ছুপ্রিম ক'ৰ্টে অনুষ্ঠিত কৰিছিল।

No comments